বন্ধু জিতাক্ষৰ : মই এইবাৰ গৰম বন্ধ দিয়াৰ পিছদিনাই মামাৰ ঘৰ নলবাৰীলৈ মা- দেউতাৰ লগত গৈছিলো

আশা কৰিছো তই কুশলে আছ। ভগৱানৰ কৃপাত ময়ো ভালে আছো। মই এইবাৰ গৰম বন্ধ দিয়াৰ পিছদিনাই মোৰ মামাৰ ঘৰ নলবাৰীলৈ মা- দেউতাৰ লগত গৈছিলো। তাত মই ক্ৰিকেট খেলিছো, বিল্বেশ্বৰ মন্দিৰ গৈছো আৰু বিলৰ পাৰলৈ ফুৰিবলৈ গৈছিলো

author-image
Asomiya Pratidin
New Update
sithi

অসমীয়া প্ৰতিদিন ডিজিটেলে আয়োজন কৰিছে চিঠি লেখা এই প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতাত বহু সংখ্যক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশ লৈছে। আজি এই প্ৰতিযোগিতাত গুৱাহাটীৰ ছাত্ৰ ৰিয়ানে লিখা এই চিঠিখন আগবঢ়োৱা হৈছে....

মৰমৰ বন্ধু জিতাক্ষৰ,
                                                                                                                        গুৱাহাটী- ১২ জুলাই ২০২৫

Advertisment

আশা কৰিছো তই কুশলে আছ। ভগৱানৰ কৃপাত ময়ো ভালে আছো। মই এইবাৰ গৰম বন্ধ দিয়াৰ পিছদিনাই মোৰ মামাৰ ঘৰ নলবাৰীলৈ মা- দেউতাৰ লগত গৈছিলো। তাত মই ক্ৰিকেট খেলিছো, বিল্বেশ্বৰ মন্দিৰ গৈছো আৰু বিলৰ পাৰলৈ ফুৰিবলৈ গৈছিলো। তাত মোৰ বৰ ভাল লাগিল।

তাৰ পাছত মই ঘৰত আহি অসম প্ৰকাশন পৰিষদে আয়োজন কৰা ১০ দিনীয়া কৰ্মশালাত যোগদান কৰিছো। তাত নৃত্য আৰু নাটকত মই ভাগ লৈছিলো। তাৰ পৰা মই নতুন কথা শিকিব পালো, নতুন নতুন ছাৰ- বাইদেউক লগ পাইছো। 

বন্ধত তই ক’ত ক’ত ফুৰিলি জনাবি। আনন্দেৰে জনাও যে অহা ২৮ জুলাই সোমবাৰে মোৰ জন্মদিন তাৰ বাবে তই উপস্থিত থাকিব লাগিব। অনুষ্ঠানৰ আয়োজন সন্ধিয়া কৰা হৈছে। কিন্তু তই ৰাতিপুৱা সোনকালে আহিবি।

বহুত আনন্দ – স্ফূৰ্তি কৰিম। নাচ- গান আদি সকলো ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আশা ৰাখিছো তই আহিবি বুলি।

ধন্যবাদ
তোৰ বন্ধু
ৰিয়ান

চিঠি লিখা প্ৰতিযোগিতা