জন্মু-কাশীৰৰ এই বিখ্যাত মন্দিৰত মূৰ ঢাকিহে সোমাব পাৰিব ভক্ত

জন্মু-কাশীৰৰ এই বিখ্যাত মন্দিৰত মূৰ ঢাকিহে সোমাব পাৰিব ভক্ত

ডিজিটেল ডেস্ক: জম্মু আৰু কাশ্মীৰৰ বিখ্যাত 'বাৱে ৱালী মাতা' মন্দিৰৰ পৰিচালনা সমিতিয়ে শেহতীয়াকৈ এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।সমিতিয়ে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰা ভক্তসকলৰ পোছকৰ ক্ষেত্ৰত কেতবোৰ সীমাবদ্ধতা জাৰি কৰিছে।সেই অনুসৰি, মূৰ ঢাকিহে ভক্তসকল মন্দিৰত সোমাব পাৰিব।আনহাতে, মিনি স্কাৰ্ট আৰু ফটা-ফুটা ডিজাইনৰ জীনছ মন্দিৰৰ চৌহদত নিষিদ্ধ।জম্মু চহৰত অৱস্থিত এই কালী মন্দিৰটোৰ গেটত ইতিমধ্যে এই সন্দৰ্ভত এখন জাননী জাৰী কৰা হৈছে।

জাননীখনত মন্দিৰলৈ আহিলে মাৰ্জিত পোছাক পৰিধান কৰিবলৈ ভক্তসকলক অনুৰোধ জনোৱা হৈছে। লগতে, হাফ পেণ্ট, বাৰ্মুডা শ্বৰ্টছ, মিনি স্কাৰ্ট, নাইট চুট, ৰিপড জিনচ আৰু কেপ্ৰি পেণ্ট সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত মুখ্য পুৰোহিত মহন্ত বিট্টাই জনোৱা মতে, এয়া কোনো আদেশ নহয়, এয়া আচলতে এটা পৰামৰ্শ।মন্দিৰ পৰিচালনা সমিতিয়ে সকলো ভক্তক অনুশাসন বজাই ৰাখিবলৈও অনুৰোধ জনায়।

পুৰোহিতজনে লগতে কয় যে, ভক্তসকলে মন্দিৰটোক বনভোজস্থলী কৰি তুলিছে। যাৰ বাবে  এনে পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছে।আনহাতে , এই সন্দৰ্ভত ভক্তসকলে হিন্দু ৰীতি-নীতি পুনৰুজ্জীৱিত কৰাৰ বাবে এইটো এটা ভাল পদক্ষেপ বুলি অভিহিত কৰিছে।বহু ভক্তই এই পদক্ষেপক আদৰণিও জনাইছে। 

ইফালে, 'জম্মু-কাশ্মীৰ চেৰিটেবল ট্ৰাষ্ট'ৰ অধ্যক্ষ ব্ৰিগেডিয়াৰ আৰ এছ লাংগেহে (অৱসৰগ্ৰহণ) এই সন্দৰ্ভত কয়, ‘কাশ্মীৰত এনে বহু মন্দিৰ আছে য'ত প্ৰতিদিনে বহু সংখ্যক বিদেশীয়ে নেদেখাজনৰ আশীৰ্বাদ ল’বলৈ আহে।পোছাকৰ ক্ষেত্ৰত এনে নিয়ম জাপি দিয়াৰ অৰ্থ হ'ব তেওঁলোকক মন্দিৰ দৰ্শনৰ পৰা বঞ্চিত কৰা।যদি আন মন্দিৰসমূহেও একে ধৰণৰ পদক্ষেপ ল'ব বিচাৰে, তেন্তে এই বিষয় সন্দৰ্ভত আলোচনা কৰা হ’ব।’

জন্মু-কাশীৰৰ এই বিখ্যাত মন্দিৰত মূৰ ঢাকিহে সোমাব পাৰিব ভক্ত
আৰক্ষী থানাত গোচৰ, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in