আৰক্ষী থানাত গোচৰ, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া

খং নামেই চণ্ডাল।খঙে যিকোনো মূহুৰ্ততে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।এই খঙৰ বাবেই শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এক ভাবিব নোৱাৰা ঘটনাৰ সূত্ৰপাত হয়।

author-image
Asomiya Pratidin
New Update
আৰক্ষী থানাত গোচৰ, আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া

ডিজিটেল ডেস্ক: খং নামেই চণ্ডাল।খঙে যিকোনো মূহুৰ্ততে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।এই খঙৰ বাবেই শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত এক ভাবিব নোৱাৰা ঘটনাৰ সূত্ৰপাত হয়।এচিক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বাক-বিতণ্ডা ইমানেই বাঢ়ি যায় যে পাছত শাহু-শহুৰৰ হাতত প্ৰহৃত হ’বলগীয়া হয় তেওঁলোকৰ একমাত্ৰ জোৱাই।

Advertisment

প্ৰকৃততে, উত্তৰ প্ৰদেশৰ দৰচাল কোতৱালী অঞ্চলৰ চিভিল লাইনছৰ এখন ব্যক্তিগত নাৰ্চিং হোমত এগৰাকী মহিলাক প্ৰসৱৰ বাবে ভৰ্তি কৰোৱা হৈছিল।কিন্তু মহিলাগৰাকীক ভৰ্তি কৰোৱা সেই কোঠাটোত এচি নাছিল।মহিলাগৰাকীৰ পিতৃ-মাতৃয়ে কন্যাক চাবলৈ গৈ কোঠাটোত এচি দেখা নাপাই জোৱায়েকৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ পৰে। বিষয়টো ইমানেই বাঢ়ি গৈছিল যে মহিলাগৰাকীৰ পিতৃ, ভাতৃ আৰু আত্মীয়সকলে অসহায় জোৱায়েকক তথা জোৱয়েকৰ ঘৰৰ সদস্যক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।নাৰ্চিং হোমখনত সংঘটিত এই মাৰ-পিটৰ ঘটনাৰ এটা ভিডিঅ' ছচিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতে এই সমগ্ৰ দেশখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে, এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ শহুৰেকে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। আৰক্ষীয়েও বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, গৰ্ভৱতী মহিলাগৰাকীয়ে এগৰাকী সুস্থ কন্যা সন্তান জন্ম দিয়ে।

Also Read: শাওন মাহটো কোন ৰাশিৰ লোকৰ বাবে কেনে হ’ব জানি লওঁক