সাৱধান হওঁক ! আকৌ গ্ৰাহকক ৰামঠগন দিলে ফ্লিপকাৰ্টে

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰি ৰামঠগন খোৱাটো এতিয়া একেবাৰেই সাধাৰণ কথা হৈছে।কম দামত সামগ্ৰী ক্ৰয় কৰাৰ আশাত বহু গ্ৰাহকে কষ্টৰে উপাৰ্জন কৰা ধন হেৰুৱাবলগীয়া হৈছে।শেহতীয়াকৈ এনে এটা ঘটনা সংঘটিত হৈছে গাজিয়াবাদত।হয়, এই ঠাইৰ এজন গ্ৰাহকে ফ্লিপকাৰ্টত দিয়া অৰ্ডাৰত পালে এটা শিল।

author-image
Asomiya Pratidin
New Update
সাৱধান হওঁক ! আকৌ গ্ৰাহকক ৰামঠগন দিলে ফ্লিপকাৰ্টে

ডিজিটেল ডেস্ক: অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰি ৰামঠগন খোৱাটো এতিয়া একেবাৰেই সাধাৰণ কথা হৈছে।কম দামত সামগ্ৰী ক্ৰয় কৰাৰ আশাত বহু গ্ৰাহকে কষ্টৰে উপাৰ্জন কৰা ধন হেৰুৱাবলগীয়া হৈছে।শেহতীয়াকৈ এনে এটা ঘটনা সংঘটিত হৈছে গাজিয়াবাদত।হয়, এই ঠাইৰ এজন গ্ৰাহকে ফ্লিপকাৰ্টত দিয়া অৰ্ডাৰত পালে এটা শিল।

Advertisment

প্ৰকৃততে, গাজিয়াবাদৰ এই গ্ৰাহকজনে ফ্লিপকাৰ্টত ইনফিনিক্স জিৰো৩০ ৫জি ফোনটো অৰ্ডাৰ কৰিছিল। ২২ মাৰ্চত অৰ্ডাৰ কৰা এই ফোনটোৰ দাম ২২হাজাৰ ৫০০ টকা।ফ্লিপকাৰ্টে এই অৰ্ডাৰটো একেদিনাই গ্ৰাহকজনক প্ৰদান কৰিছিল। কিন্তু যেতিয়া গ্ৰাহকজনে পেকেকটো আনবক্স কৰে, তেওঁ অৰ্ডাৰ কৰা স্মাৰ্টফোনটোৰ সলনি লাভ কৰে কাগজৰে মেৰিয়াই থোৱা এটা শিল। ফ্লিপকাৰ্টৰ এই কাণ্ড দেখি গ্ৰাহকজনে পেকেটটো ঘূৰাই দিবলৈ চেষ্টা কৰে যদিও কোম্পানীটোৱে গ্ৰাহকৰ এই অনুৰোধ নাকচ কৰে।

এই সমগ্ৰ বিষয়টো ভুক্তভোগী গ্ৰাহকজনে প্ৰমাণসহ ছ'চিয়েল মেডিয়াত প'ষ্ট কৰিছে।অৱশ্যে এই বিষয়টোত ফ্লিপকাৰ্টে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গ্ৰাহকজনক ক্ষমা বিচাৰে।ইফালে, বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে এই বিষয়টোত তেওঁলোকৰ মত প্ৰকাশ কৰি ফ্লিপকাৰ্ট এনে কাণ্ডৰ বিৰুদ্ধে ক্ষোভ উজাৰে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বহু গ্ৰাহক ফ্লিপকাৰ্টৰ এনে প্ৰৱঞ্চনাৰ বলি হৈছে।

Also Read: সাৱধান ! অধ্যয়নত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য