সাধাৰণ ভাৰতীয়ৰ অসাধাৰণ সৃষ্টি, বিশ্বজুৰি চৰ্চা

শেহতীয়াকৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ (জিডব্লিউআৰ)য়ে ইনষ্টাগ্ৰামত অন্ধ্ৰ প্ৰদেশৰ এজন ব্যক্তিৰ দ্বাৰা এটা খুব আকৰ্ষণীয় সৃষ্টি 'শ্বেয়াৰ' কৰিছে।জিডব্লিউআৰয়ে 'শ্বেয়াৰ' কৰা এই ভিডিঅ'টো দেখি সকলো এক প্ৰকাৰ আচৰিত হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
সাধাৰণ ভাৰতীয়ৰ অসাধাৰণ সৃষ্টি, বিশ্বজুৰি চৰ্চা

ডিজিটেল ডেস্ক: শেহতীয়াকৈ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছ (জিডব্লিউআৰ)য়ে ইনষ্টাগ্ৰামত অন্ধ্ৰ প্ৰদেশৰ এজন ব্যক্তিৰ দ্বাৰা এটা খুব আকৰ্ষণীয় সৃষ্টি 'শ্বেয়াৰ' কৰিছে।জিডব্লিউআৰয়ে 'শ্বেয়াৰ' কৰা এই ভিডিঅ'টো দেখি সকলো এক প্ৰকাৰ আচৰিত হৈ পৰিছে।

হয়, চাই তিৰুমালানিডি নামৰ ব্যক্তিজনে সৃষ্টি কৰিছে পৃথিৱীৰ আটাইতকৈ সৰু ৱাছিং মেচিন।এই মেচিনটোৰ জোখ ৩৭ মিমি x ৪১ মিমি x ৪৩ মিমি। ডাঙৰ মেচিনৰ লেখিয়াকৈয়ে সকলো সুবিধা উপলব্ধ এই মেচিনটোত কাপোৰ কিদৰে ধুব পাৰি, সেয়াও ভিডিঅ'টোত দেখুওৱা হৈছে। 

ক্ষন্তেকতে ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো দেখি স্বাভাৱিকভাৱেই সকলো আচৰিত হৈছে।বহু ছচিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে সৃষ্টিকাৰীৰ এই অভূতপূৰ্ব সৃষ্টিক একেমুখে শলাগ লৈছে।বহুতেই আকৌ ভাৰতত কিমান প্ৰতিভাসম্পন্ন লোক আছে, সেয়া এই সৃষ্টিৰ পৰা প্ৰমাণ হৈছে বুলিও মন্তব্য কৰিছে।

Also Read: সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই