পুত্ৰৰ লালসা ! অৱশেষত কৰ্মৰ ফল পাষাণ পিতৃয়ে

এজন ব্যক্তি কিমান হৃদয়হীন হ’লে বাৰু জীৱিত পত্নীক কাটিব পাৰে ? একমাত্ৰ পুত্ৰ সন্তানৰ লালসাতে এনে এক নৃশংস কাণ্ড সংঘটিত কৰিছে উত্তৰ প্ৰদেশৰ বদায়ুৰ এজন পাষাণ পিতৃয়ে।

author-image
Asomiya Pratidin
New Update
পুত্ৰৰ লালসা ! অৱশেষত কৰ্মৰ ফল পাষাণ পিতৃয়ে

ডিজিটেল ডেস্ক: এজন ব্যক্তি কিমান হৃদয়হীন হ’লে বাৰু জীৱিত পত্নীক কাটিব পাৰে ? একমাত্ৰ পুত্ৰ সন্তানৰ লালসাতে এনে এক নৃশংস কাণ্ড সংঘটিত কৰিছে উত্তৰ প্ৰদেশৰ বদায়ুৰ এজন পাষাণ পিতৃয়ে।অৱশ্যে শেহতীয়াকৈ এই ব্যক্তিজনক আদালতে উচিত শাস্তি প্ৰদান কৰিছে।

Advertisment

প্ৰকৃততে, বদায়ুৰ চিভিল লাইনচ আৰক্ষী থানাৰ অন্তৰ্গত ঘোঞ্চা গাঁৱৰ বাসিন্দা গোলুৱে ২০২০ৰ ১৯ ছেপ্টেম্বৰত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল। গোলুৱে এজাহাৰত অভিযোগ কৰিছিল যে তেওঁৰ ভগ্নী অনিতাই বিবাহৰ পিছত পাঁচগৰাকী কন্যা সন্তান জন্ম দিছিল। পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবে তেওঁৰ স্বামী পান্নালালে অনিতাক নিৰন্তৰ অত্যাচাৰ কৰি আহিছিল। সেই সময়ত ৩০ বছৰীয়া অনিতা আঠ মাহৰ গৰ্ভৱতী আছিল। এদিন পান্নালাল ঘৰলৈ আহি অনিতাই পুত্ৰ সন্তান জন্ম দিব নোৱাৰিলে দ্বিতীয় পত্নীক ঘৰলৈ আনিব বুলি কৈ কাজিয়াত লিপ্ত হৈছিল। এই কাজিয়া এনে পৰ্যায় পাইছিল যে পান্নালালে অনিতাৰ গৰ্ভত পুত্ৰ নে কন্যা সন্তান আছে, তাক চাবলৈ পেটটো কেচীৰে কাটি পেলাইছিল।অনিতাক লগে লগে বৰেলীৰ এখন চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তাইৰ অন্ত্ৰ বাহিৰ ওলাই আহিছিল আৰু আঠ মাহৰ সন্তানটোৰ গৰ্ভপাত হৈছিল। পিছত হাস্পতাল কৰ্তৃপক্ষই এই সন্তানটো পুত্ৰ আছিল বুলিয়েই জানিবলৈ দিছিল।

এই ঘটনা সংঘটিত হোৱাৰ চাৰি বছৰৰ পাছত তদন্ত সম্পূৰ্ণ হোৱাত আদালতত অভিযুক্তৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছিল। শেহতীয়াকৈ হোৱা এই গোচৰটোৰ শুনানিত বিশেষ আদালতে পান্নালালক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ লগতে ৫০,০০০ টকাৰ জৰিমনা বিহে। উল্লেখ্য যে, পান্নালাল আৰু অনিতাৰ জীয়ৰী নিৰ্জলাই আদালতত দিয়া সাক্ষ্যৰ ভিত্তিতেই পান্নালালক আজীৱন কাৰাদণ্ড দিয়া হয়।বৰ্তমান পান্নালালৰ বয়স ৩৮ বছৰ। 

Also Read: আলিংগনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব