কইনাৰ মোমায়েকৰ কাণ্ডত তোলপাৰ ছ’চিয়েল মেডিয়া

এখন বিয়াত খাদ্যৰ প্ৰাধান্য কি, সেয়া হয়তো দোহৰাৰ প্ৰয়োজন নাই।বিয়া এখন পাতি আপুনি যিমানেই ভাল খাদ্য নুখুৱাওঁক কিয়, বিয়াৰ খাদ্যৰ বাবে আপুনি সমালোচনাৰ পাত্ৰ হ'বই লাগিব।পিছে, বিয়াঘৰৰ খাদ্যক লৈ এইবাৰ সৃষ্টি হৈছে সংঘাতৰ।

author-image
Asomiya Pratidin
New Update
কইনাৰ মোমায়েকৰ কাণ্ডত তোলপাৰ ছ’চিয়েল মেডিয়া

ডিজিটেল ডেস্ক: এখন বিয়াত খাদ্যৰ প্ৰাধান্য কি, সেয়া হয়তো দোহৰাৰ প্ৰয়োজন নাই।বিয়া এখন পাতি আপুনি যিমানেই ভাল খাদ্য নুখুৱাওঁক কিয়, বিয়াৰ খাদ্যৰ বাবে আপুনি সমালোচনাৰ পাত্ৰ হ'বই লাগিব।পিছে, বিয়াঘৰৰ খাদ্যক লৈ এইবাৰ সৃষ্টি হৈছে সংঘাতৰ।হয়, বিয়াঘৰত খাবলৈ দিয়া বিৰিয়ানীত ছাগলী মাংসৰ টুকুৰা নথকাৰ বাবেই এখন বিয়াঘৰ ক্ষন্তেকতে যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈ পৰে।

Advertisment

এই ঘটনাটো ঘটিছে আমাৰ চুবুৰীয়া দেশ পাকিস্তানত।ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ত পোহৰলৈ আহিছে এই ঘটনা।প্ৰায় ৭ মিনিটৰ এই ভাইৰেল ভিডিঅ'টোত দেখা পোৱা মতে, এখন বিয়াত কেইজনমান পুৰুষে কইনাঘৰত শান্তিপূৰ্ণভাৱে খাদ্য গ্ৰহণ কৰি আছে।সেই সময়তে বগা কাপোৰ পৰিধান কৰা আন এজন লোক আহি সেই ঠাইত উপস্থিত হয় আৰু তেওঁলোকৰ কাজিয়াৰ সূত্ৰপাত হয়।ক্ষন্তেকৰ ভিতৰতে বিয়াঘৰ ৰণক্ষেত্ৰলৈ পৰিণত হয়।বিয়া ঘৰৰ লোকসকলে এই ৰণৰ কাৰণ কি, তাৰ বিষয়ে জ্ঞাত নাছিল যদিও পৰিৱৰ্তী সময়ত ইয়াৰ কাৰণ জানি আচৰিত হৈ পৰে।

প্ৰকৃততে, বগা কাপোৰ পৰিহিত সেই বিশেষ ব্যক্তিজন আছিল কইনাৰ মোমায়েক।তেওঁক বিয়াঘৰত খাবলৈ দিয়া বিৰিয়ানীত নাছিল ছাগলী মাংস।যাৰ বাবে তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে আৰু বিয়াৰ পৰিৱেশ বিনষ্ট কৰে।পাছত কেইগৰাকীমান মহিলাইহে এই পৰিস্থিতি শান্ত কৰিবলৈ সক্ষম হয়।পাকিস্তানৰ এই বিয়াখনৰ ভাইৰেল ভিডিঅ'ই অৱশ্যে ইন্টাৰনেট ব্যৱহাৰকাৰীসকলক হাঁহিৰো খোৰাক যোগাইছে।

Also Read: ‘প্ৰী ৱেডিং’ ফটোশ্বুট কৰা মহিলা ফটোগ্ৰাফাৰে মেলিলে প্ৰেমৰ জাল