‘প্ৰী ৱেডিং’ ফটোশ্বুট কৰা মহিলা ফটোগ্ৰাফাৰে মেলিলে প্ৰেমৰ জাল

প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ বিবাহ স্মৰণীয় কৰি তুলিবলৈ যথাসম্ভৱ সকলো কৰে। ব্যয়বহুল পোছাক ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি উৎকৃষ্ট সজ্জা আৰু বিশেষ ব্যঞ্জনৰ সিদ্ধান্ত লোৱালৈকে সকলোবোৰ নিখুঁত কৰিবলৈ চেষ্টা কৰে।

author-image
Asomiya Pratidin
New Update
‘প্ৰী ৱেডিং’ ফটোশ্বুট কৰা মহিলা ফটোগ্ৰাফাৰে মেলিলে প্ৰেমৰ জাল

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী ব্যক্তিয়েই তেওঁলোকৰ বিবাহ স্মৰণীয় কৰি তুলিবলৈ যথাসম্ভৱ সকলো কৰে। ব্যয়বহুল পোছাক ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি উৎকৃষ্ট সজ্জা আৰু বিশেষ ব্যঞ্জনৰ সিদ্ধান্ত লোৱালৈকে সকলোবোৰ নিখুঁত কৰিবলৈ চেষ্টা কৰে। আজিকালি বিয়াৰ পূৰ্বে ফটোশ্বুট কৰাটোও যেন এক পৰাম্পৰা হৈ পৰিছে।কিন্তু এই ফটোশ্বুটৰ বাবেই এখন বিয়া ভঙা ঘটনাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে।

Advertisment

হয়, দৰা প্ৰেমত পৰিল মহিলা ফটোগ্ৰাফাৰৰ।আচৰিত যেন লাগিলেও কথাটো সঁচা। বিয়াৰ পূৰ্বে কইনাৰ সৈতে ফটো উঠোৱা মহিলা ফটোগ্ৰাফাৰগৰাকীৰ প্ৰেমত ডুব গ’ল দৰা। এই বিষয়ে হ'বলগীয়া কইনাই জ্ঞাত হোৱা লগে লগেই তেওঁ দৰাৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

‘প’ষ্ট ৱেডিং ফটোগ্ৰাফী’ নামৰ এটা একাউণ্টৰ জৰিয়তে এই বিষয়টো ছ’চিয়েল মেডিয়াত ৰাজহুৱা কৰা হৈছে। তাত এগৰাকী ফটোগ্ৰাফাৰে উল্লেখ কৰিছে যে তেওঁ এহাল দম্পতীৰ বিয়াৰ পূৰ্বে ফটো তুলিবলৈ এগৰাকী মহিলাক নিয়োগ কৰিছিল। প্ৰথমে সকলো ঠিকেই আছিল।ফটোবোৰ হ'বলগীয়া দৰা-কইনাক পঠোৱাৰ পাছত তেওঁলোকে সকলো ধন পৰিশোধো কৰিছিল। কিন্তু কেইদিনমানৰ পিছত হঠাতে কইনাই ফটোশ্বুটৰ বাবে পৰিশোধ কৰা ধন ঘূৰাই দিয়াৰ দাবী কৰিলে। কইনাই কৈছিল যে ফটোগ্ৰাফাৰে পঠোৱা মহিলাগৰাকী তেওঁৰ দৰাৰ সৈতে সম্পৰ্কত আছে।কইনাগৰাকীয়ে ইয়াৰ প্ৰমাণ হিচাপে কিছুমান ফটোও তেওঁক দিয়ে। 

আনহাতে, কইনাই ফটোশ্বুটৰ বাবে দিয়া ধন ঘূৰাই বিচৰাৰ কাৰণ সন্দৰ্ভত কয় যে, তেওঁৰ বাবে সেই ফটো এতিয়া মূল্যহীন।কিন্তু ফটোগ্ৰাফাৰজনে সেই ধন তেওঁক ঘূৰাই নিদিলে। তেওঁ দুৰ্ভগীয়া কইনাগৰাকীক কয় যে, ‘মই আপোনাৰ বাবে যথেষ্ট দূখিত। কিন্তু মই টকাখিনি আপোনাক ঘূৰাই দিব নোৱাৰো।এই দুৰ্ভাগ্যজনক ঘটনাটো মোৰ নিয়ন্ত্ৰণৰ বাহিৰত আছিল।

Also Read: ছালৰ ৰং ক'লা হোৱাৰ বাবে স্বামীক কৰে অপমান, অৱশেষত হ’লগৈ বিবাহ বিচ্ছেদ