‘ব্ৰেক আপ’ৰ খবৰৰ মাজতে একেলগে এসাঁজ খালে মলাইকা-অৰ্জুনে

বিগত কেইদিনমানৰ পৰা চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ সবাতোকৈ ৰোমান্টিক যুটি খ্যাত অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰা।হয়, দুয়োৰে মাজত থকা সম্পৰ্ক ছেদ হোৱাৰ খবৰে এতিয়া চৌদিশ তোলপাৰ লগাইছে।কিন্তু এই চৰ্চাৰ মাজতে পুনৰ একেলগে দেখা পোৱা গ’ল অৰ্জুন-মলাইকাক।

author-image
Asomiya Pratidin
New Update
‘ব্ৰেক আপ’ৰ খবৰৰ মাজতে একেলগে এসাঁজ খালে মলাইকা-অৰ্জুনে

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা চৰ্চাৰ শীৰ্ষত আছে বলীউডৰ সবাতোকৈ ৰোমান্টিক যুটি খ্যাত অৰ্জুন কাপুৰ আৰু মলাইকা অৰোৰা।হয়, দুয়োৰে মাজত থকা সম্পৰ্ক ছেদ হোৱাৰ খবৰে এতিয়া চৌদিশ তোলপাৰ লগাইছে।কিন্তু এই চৰ্চাৰ মাজতে পুনৰ একেলগে দেখা পোৱা গ’ল অৰ্জুন-মলাইকাক।তেওঁলোক দুয়োকে শেহতীয়াকৈ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত একেলগে মধ্যাহ্ন ভোজন গ্ৰহণ কৰা দেখা গৈছে।

অনুৰাগীসকলৰ মতে, দীৰ্ঘদিন ধৰি মলাইকা আৰু অৰ্জুনৰ মাজৰ সম্পৰ্ক বেয়া হৈ আছে। মলাইকাই অৰ্জুনৰ পৰিয়ালৰ সদস্যসকলক আনফ’ল’ কৰা কাৰ্যই এই উৰাবাতৰিক সত্য প্ৰমাণিত হোৱাত অৰিহনা যোগাইছে।হয়, মলাইকাই অৰ্জুনৰ ভগ্নী জাহ্নৱী কাপুৰ, অংশুলা কাপুৰ আৰু খুছী কাপুৰ তথা পিতৃ বনী কাপুৰ আৰু তেওঁৰ ভাতৃ অনিল কাপুৰকো ছ’চিয়েল মেডিয়াত আনফ’ল’ কৰিছে।পৰিয়ালৰ মতবিৰোধৰ বাবেই অৰ্জুন-মলাইকাৰ ব্ৰেকআপ হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

আনহাতে, মলাইকাৰ পিছত এইবাৰ অৰ্জুনৰ লগত নাম সাঙোৰ খাইছে ছ’চিয়েল মেডিয়া ষ্টাৰ কুশা কপিলাৰ। কুশাৰ কেইদিনমান পূৰ্বে বিবাহ বিচ্ছেদ হৈছে। এনে পৰিস্থিতিত, সকলো অনুৰাগীৰ মনত স্বাভাৱিকভাৱেই এক প্ৰশ্নৰ উদয় হৈছে যে বিবাহ বিচ্ছেদ হোৱা মহিলাসকলৰ প্ৰতি অৰ্জুনৰ দুৰ্বলতাৰ কাৰণ কি ? অৱশ্যে এই বিষয়ে অৰ্জুন-মলাইকাই কেতিয়া স্পষ্টকৈ মত প্ৰকাশ কৰে, তাৰ বাবেও এতিয়া  অনুৰাগীসকলে অধিক আগ্ৰহৰে বাট চাই আছে।

Also Read: বিয়াৰ ১৮ বছৰৰ পিছত ভাঙিব এখন সুখৰ সংসাৰ !