ঘৰতে এই ভোগ তৈয়াৰ কৰি আপুনি লাভ কৰক জগন্নাথৰ আশীৰ্বাদ

কিদৰে এই ভোগ অতি সহজতে ঘৰতে তৈয়াৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
ঘৰতে এই ভোগ তৈয়াৰ কৰি আপুনি লাভ কৰক জগন্নাথৰ আশীৰ্বাদ

ডিজিটেল ডেস্ক: প্ৰতি বছৰৰ দৰে এই বছৰো সমগ্ৰ দেশজুৰি 'জগন্নাথ ৰথ যাত্ৰা' ধুমধামেৰে উলিওয়া হৈছে। এই ৰথযাত্ৰাত দেশ-বিদেশৰ লাখ লাখ ভক্তই অংশ গ্ৰহণ কৰি বাবা জগন্নাথৰ আশীৰ্বাদ বিচাৰে।ৰথযাত্ৰাৰ সময়ছোৱাত বাবা জগন্নাথক সন্তুষ্ট কৰাৰ বাবে ভক্তই এবিধ বিশেষ ভোগ আগবঢ়ায়।হয়, বিশ্বাস মতে মালপোৱাৰ ভোগ ভগৱান জগন্নাথৰ অতি প্ৰিয়। আপুনি এই ভোগ ঘৰতে তৈয়াৰ কৰি ভগৱান জগন্নাথক আগবঢ়াই আশীৰ্বাদ লাভ কৰিব পাৰে। কিদৰে এই ভোগ অতি সহজতে ঘৰতে তৈয়াৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক- 

এই ভোগ তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ

ময়দা বা আটা - ১কাপ

মাৱা - ১ কাপ (পিছি লোৱা)

পানী - ১/২ কাপ

কেশৰ - এক চিকুট

তেল - ১ কাপ

কাজু-পিস্তা আৰু কাঠবাদাম - সজাবলৈ (মিহিকৈ কটা)

চেনী - চেনী পানী তৈয়াৰ কৰিবৰ বাবে

তৈয়াৰ কৰাৰ পদ্ধতি

১) প্ৰথমে অলপ পানীত চেনী মিহলি কৰি উতলাই চেনীৰ চিৰাপ প্ৰস্তুত কৰি ল'ব।

২) ইয়াৰ পাছত মাৱাখিনিত পানী দি এটা ডাঠ পেষ্ট প্ৰস্তুত কৰি ল’ব।

৩) এতিয়া আটা বা ময়দা ডাঠকৈ গুলি লৈ মাৱাখিনিৰ সৈতে একেলগে মিহলি কৰিব।

৪) ইয়াৰ পাছত এটা কেৰাহিত ঘিউ গৰম কৰক আৰু হেতা এখনৰে এই মিশ্ৰণটো তাত দি ভাজিব।

৫) মধ্যমীয়া জুইত ওলোটাই ওলোটাই মালপোৱাকেইটা ভাজি থাকিব।

৬) পাতল ৰঙা হ’লে তেলৰ পৰা উঠাই চেনীৰ চিৰাপত ৰাখিব।

৭) ১৫ মিনিটৰ পিছত মালপোৱাকেইটা বাহিৰলৈ উলিয়াই এখন প্লেটত ৰাখিব।

৮) প্লেটখনত বাদাম, পিস্তা আৰু কেশৰৰে মালপোৱাকেইটা সজাব।

৯) আপোনাৰ মালপোৱা সাজু। 

১০) এতিয়া শুদ্ধ মনৰে ভগৱান জগন্নাথক এই ভোগ আগবঢ়াই আশীৰ্বাদ প্ৰাপ্ত কৰক।

Also Read: এইদৰে ৰান্ধিলে একো বেমাৰই স্পৰ্শ কৰিব নোৱাৰে আপোনাৰ শৰীৰ