সকলোতকৈ পৃথক ‘ভোগৰ  উৎসৱ’ৰ আকৰ্ষণীয় তথ্য

বিহু, অসমীয়াৰ আৱেগ।এতিয়া মাঘ অথবা ভোগালী বিহুৰ বতৰ।বহু কষ্টৰে কৰা পথাৰৰ খেতি চপাই আনি এই বিহুতে আপোনজনৰ লগত হাঁহে-মাহে এসাজ খায় আনন্দ কৰে প্ৰতিঘৰ অসমীয়াই
সকলোতকৈ পৃথক ‘ভোগৰ  উৎসৱ’ৰ আকৰ্ষণীয় তথ্য

ডিজিটেল ডেস্ক: বিহু, অসমীয়াৰ আৱেগ।এতিয়া মাঘ অথবা ভোগালী বিহুৰ বতৰ।বহু কষ্টৰে কৰা পথাৰৰ খেতি চপাই আনি এই বিহুতে আপোনজনৰ লগত হাঁহে-মাহে এসাজ খায় আনন্দ কৰে প্ৰতিঘৰ অসমীয়াই।বিহু বুলিয়েই ঢেকীৰ শব্দ আৰু পিঠাৰ গোন্ধে চৌদিশে সৃষ্টি হৈছে উখল-মাখল পৰিবেশ।

অসমীয়াৰ জাতীয় উৎসৱ বিহুৰ এক অন্যতম মাঘ বিহু সচাকৈয়ে পৃথক।ইয়াৰ কেতবোৰ আকৰ্ষণীয় তথ্য হৈছে-

ভোগৰ উৎসৱ

মাঘ মাহৰ প্ৰথম দিনা উদযাপন কৰা হয় মাঘ বিহু বা ভোগালী বিহু।প্ৰকৃততে ভোগালী বিহু মানেই যেন অসমীয়াৰ ‘খাদ্যৰ উৎসৱ’। মাঘ বিহু শস্যৰ সৈতে সম্পৰ্কিত।বছৰটোৰ বাবে ভড়াললৈ লখিমী চপাই আনি এই বিহুত সকলোয়ে লগে-ভাগে এসাঁজ খায় উদযাপন কৰে।

ওৰে নিশা উদযাপন

ভোগালী বিহু উদযাপন এদিন আগতে আৰম্ভ হয়। অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটোত অসমবাসীয়ে উৰুকা পাতে। পথাৰৰ পৰা ধানৰ নৰা আনি মেজি সাজি সেইদিনা সকলোয়ে মিলি-জুলি সেই মেজিতে নিশা ভোজ-ভাত খায়।নিশা মেজি ঘৰতেই কটায় পুৱা গা-পা ধুই মেজি জ্বলাই সেই জুইতে সকলো অপায়-অমংগল দূৰ কৰাৰ বাবে সকলোয়ে প্ৰাৰ্থনা জনায়।

উভৈনদী জলপান, পিঠা-লাডু 

মাঘ বিহুৰ পুৱা মিঠা আলু, কাঠ আলু, জলপান-পিঠা, লাডু আদি খায় সকলোয়ে দিনটো আৰম্ভ কৰে।দুপৰীয়াৰ আহাৰৰ বাবে বিশাল ভোজৰ আয়োজন কৰা হয়।এই বিহুত চুঙা পিঠা হৈছে সকলোৰে আকৰ্ষণ।

সমাজৰ শান্তিৰ হকে প্ৰাৰ্থনা 

মাঘ বিহুৰ দিনা সকলোৱে পুৱা পৰম্পৰা অনুসৰি গা ধুই মেজি জ্বলায় ইশ্বৰক প্ৰৰ্থনা কৰে।বিহুৰ মেজি অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিয়ে দাহ কৰে।সকলোয়ে মেজিৰ জুইত গা সেকি সমাজৰ পৰা অমংগল আঁতৰাই সকলোৰে উচিত চিন্তি অগ্নিদেৱতাক উপাসনা কৰে।

ৰোমাঞ্চকৰ মহ যুঁজ

ভোগালী বিহুৰ আন এক অন্যতম পৰিচয় যেন মহ যুঁজ। সমগ্ৰ অসমৰ গাওঁ তথা সৰু চহৰবোৰত মাঘ বিহু উপলক্ষে মুকলি ঠাইত মহ যুঁজ পতা হয়, য'ত বৃহৎ জনসমাগম হয়

চৰাই, কণী যুঁজ

মাঘ বিহুৰ আন এক আকৰ্ষণ চৰাই আৰু কণী যুঁজ। কণীৰ যুঁজত দুই বা একাধিক খেলুৱৈয়ে ইজনে সিজনৰ বিৰুদ্ধে খেলত নামি পৰে।চৰাই যুঁজো দুটা চৰাইৰ মাজত হয়।মাঘ বিহু বিশেষ এই খেল উপভোগ কৰিবলৈ বহু মানুহৰ ভিৰ হয়।

ই জীৱনৰ উদযাপন

দিল্লী, মুম্বাই অথবা বিদেশ।আপুনি য'তেই থাকক কিয়, যদি আপুনি এই বিহুৰ দিনকেইটাত  আপোনাৰ গাওঁৰ ঘৰত পৰিয়াল তথা পুৰণি বন্ধুবৰ্গৰ সৈতে কটাব নোৱাৰে তেনেহ'লে আপুনি নিশ্চতভাৱে জীৱনটো উদযাপনৰ ক্ষেত্ৰত পিছ পৰি আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in