ইমান ধনী হৈও তিনিওটা সন্তানকে গঢ়ি তুলিছে সাধাৰণ-সংস্কাৰী

ইমান ধনী হৈও তিনিওটা সন্তানকে গঢ়ি তুলিছে সাধাৰণ-সংস্কাৰী

ডিজিটেল ডেস্ক: পৃথিৱীলৈ অহাৰ পিছত এটা শিশুৰ প্ৰথম শিক্ষক হৈছে তেওঁৰ মাতৃ। যিয়ে মাতৃয়ে প্ৰদান কৰা শিক্ষাই শিশুটোক জীৱনৰ সমগ্ৰ যাত্ৰাত পথ প্ৰদৰ্শন কৰে।এইদৰে শিশুটো ডাঙৰ হয় আৰু আন মানুহৰ প্ৰতি দয়ালু তথা সহায়ক হ'বলৈ শিকে।সন্তানক সঠিক লালন-পালনৰ ক্ষেত্ৰত আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী খুবেই সফল। এগৰাকী মাতৃয়ে সন্তানৰ লালন-পালনৰ বাবে বহু ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়।নীতা আম্বানীয়েও তেওঁৰ তিনিটা সন্তানক প্ৰতিপালনৰ ক্ষেত্ৰত বহু ত্যাগ কৰিবলগীয়া হৈছে।

নীতা আম্বানী সামাজিক ক্ষেত্ৰখনতো খুব আগৰণুৱা। মহিলা হিচাপে তেওঁ খুব সহজ-সৰল তথা সংস্কাৰী। তেওঁ তেওঁৰ স্বামী মুকেশ আম্বানীৰ ব্যৱসায় চম্ভলাৰ লগতে পৰিয়ালৰো সম্পূৰ্ণ যত্ন লয়।তেওঁৰ সন্তান ঈশা, অনন্ত আৰু আকাশ আম্বানীক লক্ষ্য কৰিলেই তেওঁলোকে যে কিমান ভাল মূল্যবোধ লাভ কৰিছে সেয়া অনুমান কৰিব পাৰি। ইমান ধনী পৰিয়ালৰ সৈতে জড়িত হোৱাৰ পিছতো তেওঁলোকে সাধাৰণ সমাজখনৰ লগত নিজকে জড়িত কৰি ৰাখিছে।

খুব কম লোকেই জানিব যে বিবাহৰ ৭ বছৰৰ পিছত নীতা আম্বানীয়ে আইভিএফৰ জৰিয়তে  যমজভাৱে ঈশা আৰু আকাশক জন্ম দিছিল।ইয়াৰ তিনি বছৰৰ পাছত জন্ম হৈছিল অনন্ত আম্বানী। সন্তানৰ প্ৰতিপালনৰ বাবে নীতা আম্বানীয়ে বহু বছৰ কামৰ পৰা বিৰতি ল'বলগীয়া হৈছিল। পৰিয়ালটোক কেনেদৰে একেলগ কৰি ৰাখিব লাগে, সেয়াও নীতা আম্বানীয়ে খুব ভালদৰে জানে।

নীতা আম্বানীয়ে এটা সাক্ষাৎকাৰত কৈছিল, 'মোৰ তিনিটা সন্তান একে। মোৰ পুত্ৰ আকাশ আৰু অনন্তে যি কৰিব পাৰে, সেয়া কন্যা ঈশায়েও কৰিব পাৰে। মই মোৰ ছোৱালীক লৈ গৌৰৱান্বিত। ঘৰৰ ছোৱালীজনীক শিকোৱা উচিত যে তেওঁলোক কোনো প্ৰকাৰে ল'ৰাতকৈ কম নহয়। মই কেতিয়াও  ঈশা, আকাশ বা অনন্তৰ মাজত পাৰ্থক্য কৰা নাছিলো।সকলো অভিভাৱককে মই কওঁ, ল'ৰা-ছোৱালীৰ মাজত পাৰ্থক্য নাৰাখিব।ল'ৰাৰ কাম ছোৱালীক শিকাব আৰু ছোৱালীৰ সকলো কাম ল'ৰাক শিকাব।

সন্তানক মৰম দিয়াৰ সমান্তৰালকৈ তেওঁলোকৰ লগত কঠোৰ নীতা আম্বানী।তেওঁ সন্তানক খোৱা-শোৱা-খেলা সকলো সময়মতে কৰিবলৈ দিয়ে।তেওঁৰ মতে, মৰমৰ সমান্তৰালকৈ অলপ কঠোৰ হ'লেহে তেওঁলোকক জীৱনৰ আদিপাঠ দিয়াত সহজ হয়। ইয়াৰ দ্বাৰা তেওঁলোকক বুজাব পাৰি যে, সময় কিমান মূল্যৱান আৰু ইয়াক কিদৰে মূল্য দিয়া উচিত।সন্তানক সৰুৰে পৰা সময়ৰ সঠিক ব্যৱহাৰো শিকাব লাগে। আনহাতে,দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ পত্নী হৈও তেওঁ সন্তানক  ধনৰ নামত পগলা হ'বলৈ নিদিলে।সদায়েই দৰকাৰী ধনকেইটা হিচাপ কৰিহে তেওঁ সন্তানক দিছিল। কেৱল সেয়াই নহয়, বহু চোৱা-চিতা কৰা মানুহ থাকিলেও মাতৃ হিচাপে তেওঁ সন্তানে কোন সময়ত কি কাম কৰি আছে, তাৰ প্ৰতি সদায়েই চকু দিছিল। নীতা আম্বানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তেওঁ সকলোতকৈ আগতে তেওঁৰ সন্তানক গুৰুত্ব দিছিল।

ইমান ধনী হৈও তিনিওটা সন্তানকে গঢ়ি তুলিছে সাধাৰণ-সংস্কাৰী
শহুৰ হিচাপেও বহুতৰ বাবে আদৰ্শ মুকেশ আম্বানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in