জানি লওঁক পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ

জানি লওঁক পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ

ডিজিটেল ডেস্ক: সফলতা আৰু সমৃদ্ধিৰ আশাৰে প্ৰায় প্ৰতিটো হিন্দু পৰিয়াল তথা কৰ্মক্ষেত্ৰত গণেশ আৰু লক্ষ্মীক পূজা কৰা হয়। গণেশক জ্ঞানৰ ঈশ্বৰ আৰু লক্ষ্মীক সম্পদৰ দেৱী বুলি গণ্য কৰা হয়।জ্ঞান অবিহনে সম্পদ আপোনাৰ সৈতে বেছি সময় থাকিব নোৱাৰে।সেয়ে, সম্পদৰ সমান্তৰালকৈ জ্ঞান অৰ্জন কৰিবলৈ লক্ষ্মী পূজাৰ সৈতে গণেশ পূজাও কৰা হয়।পিছে লক্ষ্মীয়ে আপোনাৰ ঘৰক অৱস্থান কৰিবলৈ আপুনি বহু ক্ষেত্ৰত সৰ্তক হোৱাটো অতি দৰকাৰ।আজি এই সমগ্ৰ বিষয়টোৰ বিষয়ে জানো আহক-

আমি নজনা কথাবোৰ

বহুলোকে নাজানে যে লক্ষ্মী গণেশৰ মাতৃ। তেওঁলোকে ভুলকৈ লক্ষ্মীক গণেশৰ পত্নী বুলি গণ্য কৰে। এটা কাহিনীত ইয়াৰ আভ্যন্তৰীণ কথাবোৰৰ বৰ্ণনা আছে।গণেশে তেওঁৰ ভাতৃ কাৰ্তিকক আটাইতকৈ কম সময়ত পৃথিৱী ঘেৰি ধৰাৰ দৌৰত পৰাজিত কৰিছিল। গণেশে তেওঁলোকৰ পিতৃ-মাতৃৰ চাৰিওফালে প্ৰদক্ষিনা কৰাৰ জ্ঞান দেখুৱাই প্ৰথম স্থান লাভ কৰিছিল, যাক তেওঁ শ্ৰদ্ধা কৰিছিল।

ভগৱান গণেশ উত্তৰ দিশটোৰ সৈতে সম্পৰ্কিত।ইয়াৰো এক কাৰণ আছে।যেতিয়া শিৱই গণেশৰ শিৰচ্ছেদ কৰিছিল, মাতৃ পাৰ্বতীৰ দুখ আৰু খঙত হাহাকাৰ অৱস্থা হৈছিল।পাছত শিৱক পাৰ্বতীয়ে তেওঁৰ পুত্ৰক ঘূৰাই দিবলৈ অনুৰোধ কৰিছিল। পাৰ্বতীৰ অনুৰোধত শিৱই তেওঁৰ গণসকলক উত্তৰ দিশলৈ যাবলৈ দি তেওঁলোকে দেখা প্ৰথম জন্তুটোৰ মুৰটো আনিবলৈ আদেশ দিছিল।গণসকল উত্তৰ দিশলৈ গৈ এটা হাতী বিচাৰি পালে। তাৰ পাছত শিৱয়ে হাতীটোৰ মূৰটো কাটি গণেশৰ শৰীৰত স্থাপন কৰিছিল।

জানি লওঁক পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ
Hanuman Names With Meaning: মনত ৰাখক হনুমানৰ এইকেইটা নাম

ঘৰত পূজা তথা মন্দিৰৰ বাবে সৰ্বশ্ৰেষ্ঠ স্থান

পূজাৰ বাবে সৰ্বশ্ৰেষ্ঠ স্থান হৈছে ঘৰৰ উত্তৰ-পূব কোণ। পূজা কৰা ঠাইডোখৰ উত্তৰ পূৱ কোণত হব লাগে আৰু মন্দিৰত ৰখা দেৱতা পূব-পশ্চিম দিশৰ ফালে মুখ কৰি ৰাখিব লাগে।পূজা দিয়াগৰাকীয়ে পূজা দিয়া সময়ত পূৱ বা পশ্চিমৰ ফালে মুখামুখি হ'লে সেয়া ভাল বুলি বিশ্বাস কৰা হয়।

জানি লওঁক পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ
Lord Ganesha: গণপতি উপাসনা কৰি লাভ কৰিব পৰা ৮ টা উপকাৰ জানি লওক

গণেশ-লক্ষ্মীৰ গুৰুত্বপূৰ্ণ ভংগী

কমলাসনত বহি থকা লক্ষ্মী হৈছে সম্পদত স্থিৰতা আৰু বিকাশ অনাৰ বাবে সৰ্বশ্ৰেষ্ঠ ভঙ্গী।থিয় ভঙ্গীয়ে লক্ষ্মী দ্ৰুতগতিত আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। হিন্দু বিশ্বাস আৰু হিন্দু পৰম্পৰা অনুসৰি, পূজা ঘৰত দেৱতাৰ স্থিতি আৰু ভঙ্গী যথেষ্ট গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত হোৱা যিকোনো ভুলই সফলতা লাভ কৰিবলৈ কৰা প্ৰচেষ্টাত দুৰ্ভাগ্য কঢ়িয়াই অনাৰ সম্ভাৱনা অধিক।

পূজা মানে সম্পূৰ্ণ ভক্তি

লক্ষ্মী গণেশৰ মাতৃ হোৱাৰ বাবে সদায় গণেশৰ সোঁফালে বহিব লাগে। কিয়নো বাওঁফালৰ ঠাই পত্নীৰ বাবে। এই ক্ষেত্ৰত যিকোনো ভুলৰ ফলত অশুভ লক্ষণ আহিব বুলি বিশ্বাস কৰা হয়। মুঠতে স্বাৰ্থ অবিহনে ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ ভক্তি থাকিলে ইশ্বৰৰ আৰ্শীবাদ লাভ কৰাটো প্ৰায় নিশ্চিত।

জানি লওঁক পূজা তথা মন্দিৰৰ বাবে ঘৰৰ কোন ঠাই সৰ্বশ্ৰেষ্ঠ
Names of Lord Ganesha: ভগৱান গণেশৰ ভিন্ন ভিন্ন নামৰ অৰ্থবোৰ জানেনে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in