Krishna Janmashtami: জন্মাষ্টমী বা শ্ৰীকৃষ্ণ জন্মাষ্টমী হিন্দু ধৰ্মালম্বী লোকসকলৰ এক অন্যতম উৎসৱ। বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে জন্মাষ্টমী উদযাপন কৰা হয়।এই উৎসৱক ঠাই অনুসৰি কৃষ্ণশতমী, গোকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামৰেও জনা যায়।
হিন্দু বৰ্ষপঞ্জী অনুসৰি, ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমীৰ দিনা জন্মাষ্টমী উদযাপন কৰা হয়।জন্মাষ্টমীৰ এই বিশেষ দিনটো সাধাৰণতে আগষ্টৰ মাজভাগৰ পৰা ছেপ্টেম্বৰৰ মাজভাগত পৰে।এই দিনটোত দেশৰ ভিন ভিন ঠাইত শ্ৰীকৃষ্ণৰ জীৱনৰ সাংস্কৃতিক কাৰ্যকলাপ তথা তেওঁৰ জীৱন কাহিনী কীৰ্তন, নাটক, ৰসলীলা আদিৰ জৰিয়তে উপস্থাপন কৰা হয়। বিশেষকৈ মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱ অতি ধুমপানেৰে পালন কৰা হয়।শ্ৰীকৃষ্ণৰ জীৱনত ৰাস লীলাৰ বিশেষ মহত্ব আছে।সেয়েহে, জন্মাষ্টমীত ৰাসলীলাৰ গুৰুত্ব অধিক দেখা যায়।
তদুপৰি, এই বিশেষ দিনটোত দহি হাণ্ডি খেলেও গুৰুত্ব লাভ কৰে।দহি হাণ্ডি পৰম্পৰাই কৃষ্ণৰ দুষ্ট প্ৰকৃতি প্ৰতিফলিত কৰে, য'ত শিশুৰ এটা দলে ওখ ঠাইত বান্ধি থোৱা মাখনৰ পাত্ৰ ভাঙিবলৈ চেষ্টা কৰে।আনহাতে, কৃষ্ণৰ জন্ম উপলক্ষে পিতৃ নন্দই সকলোকে উপহাৰ বিতৰণ কৰাৰ কাহিনী উদযাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পিছত বহু ঠাইত নান্দোৎসৱ উদযাপন কৰা হয়।
শ্ৰীকৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান। পুৰাণ, মহাভাৰত, ভাগৱত আৰু জ্যোতিষীয় গণনা অনুসৰি, শ্ৰীকৃষ্ণৰ জন্ম ৩২২৮ খ্ৰীষ্টপূৰ্বৰ ১৮জুলাইত হৈছিল আৰু তেওঁৰ নিৰুদ্দেশ হোৱাৰ দিন আছিল ৩১০২ খ্ৰীষ্টপূৰ্বৰ ১৮ ফেব্ৰুৱাৰী। শ্ৰীকৃষ্ণ মথুৰাৰ যাদৱ বংশৰ বৃষ্ণী জনজাতিৰ আছিল।
শ্ৰীকৃষ্ণৰ জন্মৰ সময়ছোৱা আছিল চৰম অৰাজকতাৰ সময়। সেই সময়ত মানৱ স্বাধীনতা বুলি একো নাছিল। মোমায়েক কংস শ্ৰীকৃষ্ণৰ জীৱনৰ প্ৰধান শত্ৰু আছিল। মথুৰাত ভগৱান কৃষ্ণৰ জন্ম হোৱাৰ লগে লগে পিতৃ বাসুদেৱে সেই নিশা যমুনা নদী পাৰ হৈ গকুলত পালক পিতৃ-মাতৃ যশোদা আৰু নন্দৰ হাতত অৰ্পন কৰে।
জন্মাষ্টমীৰ দিনটোত ভক্তসকলে উপবাস খাটি ধৰ্মীয় গীত গাই শ্ৰীকৃষ্ণৰ উপাসনা কৰে। বৈষ্ণৱধৰ্মী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা, ৰাগ গাই আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱাই কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম-প্ৰসংগ পিছ দিনা ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষসকলৰ মতে জন্মাষ্টমীত এইদৰে নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।