/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-05/zf1nx1ga/WhatsApp Image 2024-09-02 at 1.45.16 PM.jpeg)
Lakshmi Puja
Lakshmi Puja: ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক উৎসৰ্গা কৰি হিন্দু ধৰ্মাৱলম্বী লোকসকলে লক্ষ্মী পূজা পালন কৰে। হিন্দু দিনপঞ্জীৰ মতে, কাতি মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে শাৰদীয় পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মী পূজা পালন কৰা হয়।
দেৱী লক্ষ্মীক হিন্দুসকলে ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী বুলি বিবেচনা কৰে। মা লক্ষ্মী ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে, লক্ষ্মী পূজাৰ দিনা মা লক্ষ্মী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। এই দিনটোত লক্ষ্মীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিস্কাৰ কৰি ফুল আৰু পোহৰেৰে ঘৰখন আলোকিত কৰি ৰাখে। লক্ষ্মী পূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে অৱশ্যে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে।
পুৰাণত বর্ণনা কৰা মতে, সমুদ্র মন্থনত লক্ষ্মী দেৱীৰ আৱিৰ্ভাৱ হৈছিল।ইয়াত মা লক্ষ্মীৰ ৰূপৰ বৰ্ণনাও উল্লেখ কৰা হৈছে।সেই অনুসৰি, দেৱীৰ দক্ষিণে পাশ আৰু জপমালা, বাঁওফালে অংকুশ আৰু পদ্ম। তেওঁ পদ্মাসনত উপৱিষ্টা, ত্রিভুৱনৰ মাতা, গৌৰবর্ণা, সুৰূপা, সর্বালংকাৰ ভূষিতা। তেওঁৰ বাঁহাতত স্বর্ণপদ্ম আৰু দক্ষিণ হাত বৰদা মুদ্ৰা ৰক্ত।
লক্ষ্মী পূজাৰ দিনটোত ভক্তসকলে দেৱী মূর্তি প্রতিষ্ঠা কৰি শাস্ত্রীয় নিয়মেৰে পূজা-অৰ্চনা কৰে যদিও কোনো কোনো ঠাইত মূর্তি পূজা নকৰাকৈ থাপনা পাতি, নামপ্রসংগ কৰিও মা লক্ষ্মীক পূজা-অৰ্চনা কৰে। পূজাত পুৰোহিতৰ মুখত উচ্চাৰিত 'ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।' মন্ত্ৰৰে মা লক্ষ্মীৰ পৰা ভক্তসকলে আৰ্শীবাদ বিচাৰে। ধৰ্মীয় বিশ্বাস অনুসৰি, লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক-অশান্তি, অপায়-অমংগল দূৰ হয় আৰু ধন-জন, ঐশ্বৰ্য-বিভূতি, সুখ-শান্তিৰে সকলোৰে জীৱন উপচি পৰে।