/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/8acdb2a1-a697-4b53-ae6c-cda85af71910/AP_FOR_WEB_audi.jpg)
ডিজিটেল ডেস্ক: এজন বিশেষ কৃষক।তেওঁ বহুকেইটা কাৰণতে বিশেষ।যাৰ বাবে তেওঁ এতিয়া সমগ্ৰ দেশতে চৰ্চাৰ অন্যতম কাৰণ হৈ পৰিছে।হয়, এই বিশেষ কৃষকজনে প্ৰায় পোন্ধৰ বছৰ ধৰি কৃষিকৰ্মৰ সৈতে জড়িত হৈ আছে।কৃষিক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ তিনিবাৰকৈ ৰাজ্যিক কৃষি বঁটা লাভ কৰিবলৈও সক্ষম হৈছে।
এই কৃষকজনৰ এটা ভিডিঅ’ ছ’চিয়েল মেডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে আৰু তাৰ পাছৰ পৰাই তেওঁ দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।এই ভিডিঅ’টোত কৃষকজনে পথৰ কাষৰ স্থানীয় বজাৰত পালেং শাককে ধৰি আন শাক বিক্ৰী কৰিবলৈ এখন অতি বিলাসী গাড়ী চলাই গৈছে।কৃষকজনে চলোৱা গাড়ীখন হৈছে 'অ’ডি এ৪'।তেওঁ উৎপাদিত শাক-পাচলিবোৰ এই বিলাসী গাড়ীখনৰ পিছফালে ভৰাই নিজে গাড়ীখন চলাই কৃষকজনে বজাৰত সামগ্ৰীবোৰ বিক্ৰী কৰে।
কৃষকজনৰ এই ভিডিঅ'টো সুজিত নামৰ এজন ব্যক্তিয়ে তেওঁৰ ইনষ্টাগ্ৰামত প'ষ্ট কৰিছিল। ভিডিঅ'টোৰ শিৰোনাম 'ভেৰাইটি ফাৰ্মাৰ'।কিন্তু এই ব্যক্তিজনে কৃষকজনৰ নাম উল্লেখ কৰা নাই যদিও তেওঁৰ ঘৰ কেৰালাত বুলি উল্লেখ কৰে।ভিডিঅ’টো ছ’চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছত স্বাভাৱিকভাৱেই বহুতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এজনে লেখিছে, ‘মই পাচলি বিক্ৰী কৰাৰ আগতে প্ৰথমে এটা অ’ডি কিনিব লাগিব।’ আন এজনে লেখিছে, ‘মই সকলো ভাৰতীয় কৃষকক তেওঁৰ দৰে সুস্থিৰ হোৱাটো কামনা কৰো।আপুনি সতেজ পাচলি খেতি কৰক আৰু সেইবোৰ বিক্ৰী কৰক।আপোনাক সন্মান।’ আনহাতে, বহুতেই কৃষকজনক কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক সন্মান জনোৱাৰ লগতে তেওঁ যুৱক-যুৱতীসকলৰ বাবে এক মহান অনুপ্ৰেৰণা বুলিও উল্লেখ কৰে।
Also Read: ৰে’ল কতৃপক্ষৰ আজৱ নিৰ্দেশনাত ক্ষোভিত যাত্ৰী