ৰে’ল কতৃপক্ষৰ আজৱ নিৰ্দেশনাত ক্ষোভিত যাত্ৰী

ৰে’ল যাত্ৰাৰ সময়ত কোনো যাত্ৰীয়েই মেকআপ প্ৰয়োগ কৰিব নোৱাৰিব।এই আজৱ নিৰ্দেশনা চীন ৰে’লৱেৰ।চীন ৰে'লৱেয়ে এটা প্ৰচাৰমূলক ভিডিঅ'ৰ জৰিয়তে শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে।

author-image
Asomiya Pratidin
New Update
ৰে’ল কতৃপক্ষৰ আজৱ নিৰ্দেশনাত ক্ষোভিত যাত্ৰী

ডিজিটেল ডেস্ক: ৰে’ল যাত্ৰাৰ সময়ত কোনো যাত্ৰীয়েই মেকআপ প্ৰয়োগ কৰিব নোৱাৰিব।এই আজৱ নিৰ্দেশনা চীন ৰে’লৱেৰ।চীন ৰে'লৱেয়ে এটা প্ৰচাৰমূলক ভিডিঅ'ৰ জৰিয়তে শেহতীয়াকৈ এই নিৰ্দেশনা জাৰি কৰিছে।

Advertisment

কিন্তু এই নিৰ্দেশনা জাৰি কৰাৰ পাছতেই বিতৰ্কত সোমাই পৰিছে চীন ৰে’লৱে। কেইদিনমান পূৰ্বে চীন ৰেলৱে’ৰ এই প্ৰচাৰমূলক ভিডিঅ’টো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰে আৰু ইয়াৰ পিছতেই বিতৰ্কত সোমাই পৰে চীন ৰে’লৱে।

এই ভিডিঅ'টোত দেখা গৈছে যে এগৰাকী ষ্টাইলিছ পোছাক পিন্ধা মহিলাই এখন দ্ৰুত গতিত গৈ থকা আন্তঃ-চহৰৰ ৰে’লৰ কেবিনত বহি ল’চন আৰু ফাউণ্ডেচন প্ৰয়োগ কৰি আছে। তেওঁৰ কাষত বহি থকা এজন ব্যক্তিয়েও তেওঁৰ মুখত মেকআপ প্ৰয়োগ কৰে আৰু মহিলাগৰাকীক খুব প্ৰশংসা কৰে।মহিলাগৰাকীয়ে পাছত তেওঁক মেকআপ আঁতৰ কৰাত সহায় কৰে। ‘এ মেকআপ ব্লগাৰছ বিউটিফুল ট্ৰিপ’ শীৰ্ষক প্ৰায় এক মিনিটৰ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে সকলো নাগৰিকেই ভিডিঅ'টোক আপত্তিজনক বুলি সমালোচনা কৰে। এই সন্দৰ্ভত এজন ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘পৰৱৰ্তী পদক্ষেপত মহিলাসকলক চিৰদিনৰ বাবে ৰে’লত নিষিদ্ধ কৰাটো অন্তৰ্ভুক্ত থাকিব নেকি ?’

ইফালে, ৰে’লৱে কৰ্তৃপক্ষই এই সন্দৰ্ভত এক ভিন্ন মতহে প্ৰকাশ কৰিছে।তেওঁলোকৰ মতে,  এই ভিডিঅ'টোৰ জৰিয়তে মানুহক ৰে’লত মেকআপ নকৰিবলৈ কোৱা নাই। ইয়াৰ জৰিয়তে যাত্ৰীসকলক ভালদৰে ভ্ৰমণ কৰিবলৈ আৰু আন যাত্ৰীসকলৰ অনুভূতি বিবেচনা কৰিবলৈহে কোৱা হৈছে।চীন ৰে'লৱেৰ গ্ৰাহক সেৱা হটলাইনৰ কৰ্মচাৰীসকলেও ৰে'ল যাত্ৰাত মেকআপ ব্যৱহাৰত কোনো প্ৰতিবন্ধকতা আৰোপ কৰা হোৱা নাই বুলিহে মন্তব্য কৰে।

Also Read: আজৱ কাৰ্ড দেখি আচৰিত নেটিজেন, মুকলিকৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া