KATI BIHU WISHES IN ASSAMESE: আপোনজনক এইদৰে জনাওঁক কাতি বিহুৰ শুভেচ্ছা

কাতি বিহু কঙালী যদিও বিহুৰ দিনটোত আপোনজনৰ ঘৰ ধনে-ধানে উপচি পৰিবলৈ ইজনে-সিজনক শুভেচ্ছা জনায়। আপুনিও তলত উল্লেখ কৰাৰ ধৰণে আপোনজনক জনাব পাৰে কাতি বিহুৰ শুভেচ্ছা-

author-image
Asomiya Pratidin
New Update
KATI BIHU WISHES IN ASSAMESE: আপোনজনক এইদৰে জনাওঁক কাতি বিহুৰ শুভেচ্ছা

KATI BIHU WISHES

KATI BIHU WISHES: আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়।বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে । এই সময়ত খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ-অনাটনৰ সন্মুখীন হয় কৃষক ৰাইজ। কাতি বিহুৰ দিনটোৰ সন্ধিয়া সকলোয়ে খেতি পথাৰ আৰু তুলসীৰ তলত চাকি জ্বলাই খেতি ভালদৰে হ’বলৈ তথা সকলোৰে ঘৰ যাতে শস্যৰে উভৈনদী হৈ পৰে, তাৰ কামনা কৰে।ঠাই বিশেষে এই বিহুৰ সন্ধিয়া খেতি পথাৰ আৰু পদুলিমুখত আকাশ বন্তিও জ্বলোৱা হয়।  

Advertisment

কাতি বিহু কঙালী যদিও বিহুৰ দিনটোত আপোনজনৰ ঘৰ ধনে-ধানে উপচি পৰিবলৈ ইজনে-সিজনক শুভেচ্ছা জনায়। আপুনিও তলত উল্লেখ কৰাৰ ধৰণে আপোনজনক জনাব পাৰে কাতি বিহুৰ শুভেচ্ছা- 

* সকলো অসমবাসীলৈ কাতি বিহুৰ ওলগ জনালো।

* ‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে।’ কাতি বিহুৰ শুভেচ্ছা জনালো।

* আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহু শুভেচ্ছা জনালো। ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ।

* কাতি বিহুৰ আকাশবন্তিৰ পোহৰৰে উজলি উঠক অসমৰ সমাজ জীৱন।বিহুৰ শুভেচ্ছা জনালো।

* কাতি বিহুৰ শুভেচ্ছা জনালো। পূৰ্ণ হওঁক কৃষিজীৱী ৰাইজৰ সপোন, ধনে-ধানে ভৰি উঠক সকলোৰে ঘৰ।

* কাতি বিহুৰ শুভেচ্ছা জনালো। তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন।

* সোণোৱালী হওঁক সকলোৰে খেতি পথাৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভেচ্ছা।

* কৃষকৰ পিঠিত হওঁক সোণগুটিৰ ভৰ, পথাৰ হওঁক সোণোৱালী। সকলোলৈ কাতি বিহুৰ শুভেচ্ছা।

* ফচলৰে উপচি পৰক সকলোৰে ভঁড়াল।সকলোৰে জীৱনলৈ আহক সুখৰ বতৰা।কাতি বিহুৰ শুভেচ্ছা।

* কঙালী কাতিয়ে আনক ভোগৰ বতৰা।সকলোলৈ বিহুৰ শুভেচ্ছা থাকিল।

Also Read: Assamese Birthday wishes: আপোনজনক বিশেষভৱে জনাওক জন্মদিনৰ শুভেচ্ছা