লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগনা ৰাণাৱট

অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত কৰা স্পষ্ট মন্তব্যৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। পিছে এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে কংগনাৰ নাম। হয়, এইবাৰ কংগনা চৰ্চালৈ অহাৰ কাৰণ হৈছে ৰাজনীতি। অভিনয়ৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ সাজু হৈছে কংগনাই ৰাণাৱট।

author-image
Asomiya Pratidin
New Update
লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগনা ৰাণাৱট

ডিজিটেল ডেস্ক: অভিনয়ৰ সমান্তৰালকৈ বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত কৰা স্পষ্ট মন্তব্যৰ বাবে প্ৰায় সকলো সময়তে চৰ্চাত থাকে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট। পিছে এইবাৰ আন এক বিষয়ক লৈহে চৰ্চালৈ আহিছে কংগনাৰ নাম। হয়, এইবাৰ কংগনা চৰ্চালৈ অহাৰ কাৰণ হৈছে ৰাজনীতি। অভিনয়ৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত ভৰি দিবলৈ সাজু হৈছে কংগনাই ৰাণাৱট।

Advertisment

শেহতীয়া এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে তেওঁ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিছে।প্ৰকৃততে, কেইদিনমান পূৰ্বে অভিনেত্ৰীগৰাকীয়ে গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰ দৰ্শন কৰে।মন্দিৰ দৰ্শনৰ পিছত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। কংগনা ৰাণাৱটে কয় যে যদি ভগৱান কৃষ্ণই বিচাৰে, তেওঁ নিশ্চিতভাৱে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব।

অভিনেত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছত এতিয়া হিমাচল প্ৰদেশৰ ৰাজনীতিত একপ্ৰকাৰ আলোড়ন সৃষ্টি হৈছে। যিহেতু অভিনেত্ৰীগৰাকী মানালীৰ, তেওঁ মানালীৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰে বুলি অনুমান কৰা হৈছে।মানালী হিমাচল প্ৰদেশৰ মাণ্ডি লোকসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰ পূৰ্বেও ২০২১ চনত অনুষ্ঠিত উপ-নিৰ্বাচনৰ সময়ত কংগনাই এই আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি চৰ্চা লাভ কৰিছিল। অভিনেত্ৰীগৰাকী বৰ্তমানেও কোনো দলৰ সদস্য নহয় যদিও তেওঁৰ প্ৰৱণতা যে বিজেপিৰ প্ৰতি সেয়া এক প্ৰকাৰ স্পষ্ট। তেওঁ এখন মুক্ত মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ সমৰ্থনত বিভিন্ন মন্তব্য কৰি আহিছে।সেয়েহে তেওঁ আগন্তুক নিৰ্বাচনত বিজেপিৰ পৰাই নিৰ্বাচন খেলিব বুলি স্পষ্ট হৈ পৰিছে।

Also Read: নেটিজেনসকলৰ প্ৰশংসা- ' আলিয়া ডাউন টু আৰ্থ'