কাৰণ জানিলে আচৰিত হ'ব আপুনিও, হয়তো এয়াই মাতৃপ্ৰেম !

খুব কম সময়তে বলীউডত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম জাহ্নৱী কাপুৰ।বলীউডৰ তাৰকা দম্পতী বনী কাপুৰ আৰু শ্ৰীদেৱীৰ দুহিতা হিচাপেই নহয়, অভিনয় দক্ষতাৰ বলতো 'বি টাউন'ত জিলিকি উঠিছে এইগৰাকী অভিনেত্ৰী।

author-image
Asomiya Pratidin
New Update
কাৰণ জানিলে আচৰিত হ'ব আপুনিও, হয়তো এয়াই মাতৃপ্ৰেম !

ডিজিটেল ডেস্ক: খুব কম সময়তে বলীউডত নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম জাহ্নৱী কাপুৰ।বলীউডৰ তাৰকা দম্পতী বনী কাপুৰ আৰু শ্ৰীদেৱীৰ দুহিতা হিচাপেই নহয়, অভিনয় দক্ষতাৰ বলতো 'বি টাউন'ত জিলিকি উঠিছে এইগৰাকী অভিনেত্ৰী। নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় জাহ্নৱীয়ে বিগত বৰ্ষত মায়ানগৰী মুম্বাইত নিজৰ বাবে ৬৫ কোটি টকাৰ এটা ডুপ্লেক্স ঘৰ ক্ৰয় কৰিছে।কিন্তু শেহতীয়াকৈ আন এক বিষয়ৰ বাবেহে চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী।আপুনি জানি আচৰিত হ'ব যে জাহ্নৱীয়ে কেতিয়াও বাথৰুমৰ দুৱাৰ বন্ধ নকৰে।

Advertisment

হয়, এই বিষয়ে নিজেই ৰাজহুৱা কৰিছে অভিনেত্ৰীগৰাকীয়ে।ছ'চিয়েল মেডিয়া যোগে অভিনেত্ৰীগৰাকীয়ে অনুৰাগীক তেওঁৰ ঘৰটোৰ লগতে তেওঁৰ মূখ্য শোৱনি কোঠা তথা তাৰ লগত সংলগ্ন থকা বাথৰুমটোও বিশেষ ভাৱে দেখুৱায়। বাথৰুমটো দেখুৱাই তেওঁ জানিবলৈ দিয়ে যে তেওঁৰ কেতিয়াও বাথৰুম 'লক' নকৰে।ইয়াৰ কাৰণো অৱশ্যে তেওঁ অনুৰাগীক জানিবলৈ দিয়ে।এই সন্দৰ্ভত তেওঁ কয়, 'মোৰ মায়ে মোক কোনোদিন বাথৰুম বন্ধ কৰিবলৈ নিদিছিল। মা-দেউতা দুয়োজনে ভাবিছিল যে মই বাথৰুমলৈ গৈ কোনো ল'ৰাৰ সৈতে কথা পাতি থাকিম। সেইকাৰণেই মই আজিও বাথৰুমত থাকিলে দুৱাৰ বন্ধ নকৰো। মোৰ স্বভাৱ যাতে বেয়া নহয়, তাৰ বাবে বহু কামতেই মোক মায়ে বাধা দিছিল।'

উল্লেখ্য যে, জাহ্নৱীৰ মাতৃ তথা বলীউডৰ 'এভাৰগ্ৰীণ বিউটি' শ্ৰীদেৱীৰ ২০১৮ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰসহ্যজনকভাৱে মৃত্যু হৈছিল। মাতৃৰ মৃত্যুৰ পিছত জাহ্নৱী সম্পূৰ্ণৰূপে ভাঙি পৰিছিল।কিন্তু সেই বছৰতে অভিনেত্ৰীগৰাকীয়ে 'ধড়ক' ছবিখনৰ জৰিয়তে বলীউডত  আত্মপ্ৰকাশ কৰিছিল। সেই সময়ত তেওঁ এখন ছবিৰ বিনিময়ত ৬০ লাখ টকা লাভ কৰিছিল আৰু এতিয়া তেওঁৰ এখন ছবিৰ মাচুল ৫ কোটি টকা।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত