‘কণ্টেক্ট লেন্স’ ব্যৱহাৰ কৰাসকল সাৱধান হওঁক

জেছমিন ভাছিন, ব্যতিক্ৰমী ব্যক্তিত্ব তথা দুৰ্দান্ত অভিনয়ৰ বাবে দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় এইগৰাকী অভিনেত্ৰী।কিন্তু এতিয়া এইগৰাকী অভিনেত্ৰীৰ বাবে কান্দিছে দেশবাসীয়ে।হয়, দৃষ্টিশক্তি হেৰুৱালে জেছমিনে।ছ’চিয়েল মেডিয়াত প’ষ্ট কৰি এই বিষয়ে ৰাজহুৱা কৰিছে খুদ অভিনেত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
‘কণ্টেক্ট লেন্স’ ব্যৱহাৰ কৰাসকল সাৱধান হওঁক

ডিজিটেল ডেস্ক: জেছমিন ভাছিন, ব্যতিক্ৰমী ব্যক্তিত্ব তথা দুৰ্দান্ত অভিনয়ৰ বাবে দৰ্শকৰ মাজত খুবেই জনপ্ৰিয় এইগৰাকী অভিনেত্ৰী।কিন্তু এতিয়া এইগৰাকী অভিনেত্ৰীৰ বাবে কান্দিছে দেশবাসীয়ে।হয়, দৃষ্টিশক্তি হেৰুৱালে জেছমিনে।ছ’চিয়েল মেডিয়াত প’ষ্ট কৰি এই বিষয়ে ৰাজহুৱা কৰিছে খুদ অভিনেত্ৰীগৰাকীয়ে।

Advertisment

প্ৰকৃততে, অভিনেত্ৰীগৰাকীৰ ‘কণ্টেক্ট লেন্স’ত হোৱা বিভ্ৰান্তিৰ বাবে কৰ্ণিয়া ক্ষতিগ্ৰস্ত হৈছে।এই সন্দৰ্ভত তেওঁ ৰাজহুৱা কৰা মতে, কেইদিনমান পূৰ্বে তেওঁ চকুত লেন্স পিন্ধি দিল্লীত এটা অনুষ্ঠানত ভাগ লৈছিল। সেই অনুষ্ঠানতে তেওঁ চকুত তীব্ৰ বিষ অনুভৱ কৰিছিল আৰু তাৰ পাছতেই তেওঁ চকুৰে নেদেখা হৈ পৰিছিল। 

জেছমিনে লগতে কয়, ‘চকুত তীব্ৰ বিষ হোৱাৰ পিছতো মই মোৰ কাম সম্পূৰ্ণ কৰিবলগীয়া হৈছিল। মই চিকিৎসকৰ ওচৰলৈ যাব বিচাৰিছিলো যদিও অনুষ্ঠানটোৰ শেষ নোহোৱালৈ যাব পৰা নাছিলো।নিশা এজন চকু বিশেষজ্ঞৰ ওচৰলৈ গৈছিলো। তেওঁ মোক মোৰ কৰ্ণিয়া ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দি চকু দুটা বান্ধি দিয়ে।পিছদিনা মই মুম্বাইলৈ আহি এতিয়া চিকিৎসা কৰি আছো।মই বহুত বিষত আছো।ইমানেই বিষ যে মই শুব নোৱাৰো। কিন্তু চিকিৎসকসকলে মই সোনকালেই ভাল হ’ম বুলি কৈছে। এই সময়ত মোৰ বাবে প্ৰাৰ্থনা কৰা সকলোকে মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।’ উল্লেখ্য যে, জেছমিনৰ অগনন অনুৰাগীয়ে ছ’চিয়েল মেডিয়াত বহু প’ষ্ট কৰি তেওঁৰ আৰোগ্য কামনা কৰিছে।

Also Read: অভিভাৱক হ’ল আলী-ৰিচা, অনুৰাগীক জনালে কৃতজ্ঞতা