
ডিজিটেল ডেস্ক : সমাগত জন্মাষ্টমী।হিন্দু ধৰ্মালম্বী লোকসকলে এইবেলি ৬ আৰু ৭ ছেপ্টেম্বৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন জন্মাষ্টমী পালন কৰিব। এই পৱিত্ৰ দিনটোত বহুলোকে ঘৰৰ গোঁসইঘৰত ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপন কৰি আৰ্শীবাদ লাভৰ বাবে প্ৰাৰ্থনা কৰে।কিন্তু শ্ৰীকৃষ্ণৰ মূৰ্তি স্থাপনৰ ক্ষেত্ৰত বাস্তু শাস্ত্ৰত কিছুমান নিয়ম আছে।আজি সেই বিষয়ে জানো আহক-
- শ্ৰীকৃষ্ণৰ শিশু অৱস্থাৰ মূৰ্তি ঘৰৰ গোঁসাইঘৰত ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়।কিন্তু এই মূৰ্তিটো বহি থকা ভঙ্গীত থকা হ'ব লাগে।
- গোঁসাইঘৰত শ্ৰীকৃষ্ণ আৰু ৰাধাৰ থিয় হৈ ফটো অথবা মূৰ্তি ৰাখিলে পৰিয়ালৰ সদস্যসকলৰ মাজত প্ৰেম বৃদ্ধি হয়। যদি ঘৰখনত পৰিয়ালকেন্দ্ৰিক কোনো বিভেদ চলি থাকে, তেন্তে এনে ফটো তথা মূৰ্তি ৰখাৰ ফলত এই বিভেদ দূৰ হোৱাৰ লগতে ঘৰখনলৈ সুখ-শান্তিৰ আগমন ঘটে।
- সন্তান জন্ম দিবলৈ বিচৰাসকলে শ্ৰীকৃষ্ণৰ শিশু গোপালৰ ৰূপৰ মূৰ্তি বা ফটো শোৱনি কোঠাৰ পূব-পশ্চিম দিশত ৰখাটো শুভ।
- ভগৱান কৃষ্ণক পাচিত লৈ পিতৃয়ে নদী পাৰ হৈ যোৱাৰ ফটোও ঘৰত ৰখাটো শুভ। ই পৰিয়ালত চলি থকা সমস্যাবোৰ আঁতৰ কৰে।
-শ্ৰীকৃষ্ণক লাড্ডু গোপালৰ ৰূপত ঘৰত ৰখা আৰু নিজৰ সন্তানৰ দৰে তেওঁৰ যত্ন লোৱাটোৱেও ঘৰখনৰ বাবে অতি উপকাৰী। ই ঘৰখনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে ঘৰৰ পৰিৱেশটো সুখী কৰি ৰাখে।
জন্মাষ্টমীৰ দিনা এইসমূহত গুৰুত্ব দিব
গোঁসাইঘৰৰ দুৱাৰ খোলা ৰাখিব
জন্মাষ্টমীৰ এই পবিত্ৰ দিনটোত আপোনাৰ ঘৰৰ গোঁসাইঘৰৰ দুৱাৰ খোলা ৰাখিব। লগতে ৰাতিও গোঁসাইঘৰত চাকি জ্বলাই পোহৰ কৰি ৰাখিব।
ৰূপৰ বাঁহী
শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা ভগৱান কৃষ্ণক এটা সৰু ৰূপৰ বাঁহী আগবঢ়াব। তাৰ পিছত যথাযথভাৱে উপাসনা কৰি বাঁহীটো আপোনাৰ পইচাৰ বেগত ৰাখিব। ই আপোনাৰ জীৱনৰ চলিত সমস্যাবোৰ সমাধান কৰাৰ লগতে প্ৰগতিৰ পথ মুকলি কৰিব।
মৌৰা পাখি
মৌৰা পাখি শ্ৰী কৃষ্ণৰ অতি প্ৰিয়। সেয়েহে জন্মাষ্টমীৰ দিনা গোঁসাইঘৰত ভগৱান শ্ৰীকৃষ্ণক মৌৰা পাখি আগবঢ়াব। ইয়াক ঘৰত ৰাখিলে পৰিয়ালটোত এক সুখী পৰিৱেশৰ সৃষ্টি হয়।