এই বিশেষ মাহত মহাদেৱক পূজা-অৰ্চনা কৰাৰ নিয়মবোৰ জানি লওঁক

এই বিশেষ মাহত মহাদেৱক পূজা-অৰ্চনা কৰাৰ নিয়মবোৰ জানি লওঁক

ডিজিটেল ডেস্ক: এই বছৰ শাওন মাহত মহাদেৱৰ অতি আশ্চৰ্যকৰ সংযোগ ঘটিছে।মহাদেৱৰ পূজাৰ নাম উৎসৰ্গিত এই মাহটো এইবাৰ ৩০ দিনীয়াৰ পৰিৱৰ্তে হ'ব মুঠ ৫৯ দিনৰ।এনে পৰিস্থিতিত ভগৱান শিৱৰ কৃপা সম্পূৰ্ণ দুমাহৰ বাবে ভক্তসকলৰ ওপৰত থাকিব। প্ৰকৃততে, এই বছৰ শাওন মাহ ৪ জুলাইৰ পৰা আৰম্ভ হৈ ৩১ আগষ্টত সমাপ্ত হ'ব।ভক্তসকলে এইবাৰ ৪টা সোমবাৰৰ পৰিৱৰ্তে ৮ টা সোমবাৰে উপবাস কৰাৰ সুযোগ পাব।১৯ বছৰৰ পাছত ঘটিছে এই পৰিঘটনা। এইবাৰ শাওন মাহতো বিশেষ হোৱাৰ বাবে মহাদেৱক বিশেষভাৱে উপাসনা কৰিব লাগিব। আজি সেই বিষয়ে জানো আহক-

শাওন মাহৰ সোমবাৰৰ গুৰুত্ব

শাওন মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। এইটো বিশ্বাস কৰা হয় যে যিসকলে সম্পূৰ্ণ ভক্তিৰে মহাদেৱক উপাসনা কৰে, তেওঁলোকৰ সকলো ইচ্ছা এই মাহত পূৰণ হয়। পৌৰাণিক বিশ্বাস অনুসৰি, যদি এজন ভক্তই শাওন মাহৰ সোমবাৰে মহাদেৱক উপবাস কৰে, তেন্তে তেওঁৰ বিবাহিত জীৱনত অত্যন্ত সুখৰ হয়।

এইদৰে সন্তুষ্ট হয় মহাদেৱ

শাওন মাহত মহাদেৱক উপাসনা কৰিলে তেওঁ অতি সোনকালেই সন্তুষ্ট হয়।মহাদেৱক সন্তুষ্ট কৰিবলৈ শিৱ লিংগত ধতুৰা, বেলপাত, চাউল, চন্দন আৰু মৌ আগবঢ়াব।

শাওন মাহত এইদৰে কৰিব মহাদেৱ উপাসনা -

-সোমবাৰে ৰাতিপুৱা সোনকালে গা ধুই সোঁ হাতত অলপ পানী ল’ব। পানীখিনি লৈ সোমবাৰৰ ব্ৰতৰ সংকল্প ল’ব।

- ইয়াৰ পিছত মহাদেৱক গংগা জল আগবঢ়াব।

- মহাদেৱক গংগা জল আগবঢ়োৱাৰ পাছতে ‘ওম নমহ শিৱায়’ মন্ত্ৰ জপ কৰি শিৱক পানীৰে অভিষিক্ত কৰিব।

- এতিয়া মহাদেৱক অক্ষত, বগা ফুল, বগা চন্দন,, ভাং, ধতুৰা, গৰুৰ গাখীৰ, ধূপ, পঞ্চমৃত, পাণ আৰু বেলপাত আগবঢ়াব।

- শেষত শিৱ চালিছা আৰু আৰতি পঢ়িব।

এই বিশেষ মাহত মহাদেৱক পূজা-অৰ্চনা কৰাৰ নিয়মবোৰ জানি লওঁক
শনিৰ প্ৰকোপৰ পৰা মুক্তি দিয়ে এইবিধ ফুলে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in