/asomiyapratidin/media/media_files/2025/08/18/hanuman-chalisha-2025-08-18-15-10-45.jpg)
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সপ্তাহটোৰ প্ৰতিটো দিনেই ইশ্বৰৰ নামত উৎসৰ্গিত। সেই অনুসৰি মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ দিন বুলি গণ্য কৰা হয়। এই বিশেষ দিনটোত হনুমান চলিছা পাঠ কৰাটো অতি শুভ। বিশ্বাস অনুসৰি, মঙলবাৰৰ দিনটোত হনুমান চলিছা পঢ়িলে জীৱনৰ সমস্যাবোৰ দূৰ, মন শান্ত হোৱাৰ লগতে আৰু আত্মবিশ্বাস বাঢ়ে। সেয়েহে,বহু ভক্তই এই হনুমান চালিছাখন সকলো সময়তে লগত ৰাখে। বহুতে আকৌ হনুমান চালিছাখন লেখা লকেট, ব্ৰেচলেট পৰিধান কৰে। কিন্তু সকলোতে সময়তে লগত হনুমান চলিছাখন কঢ়িয়াই লৈ ফুৰাটো উচিত নে ? জানো আহক-
হনুমান চলিছা পাঠ কৰাৰ উপকাৰিতা
মঙলবাৰৰ লগতে শনিবাৰেও হনুমান চলিছা পঢ়াটো অতি শুভ বুলি বিবেচনা কৰা হয়। নিয়মিতভাৱে পঢ়িলে জীৱনৰ সমস্যাবোৰ কমি যায়। ভয়, মানসিক চাপ আৰু ৰোগৰ পৰাও সকাহ পায়। তদুপৰি, মানসিক শান্তি আৰু বুদ্ধিমত্তাও বৃদ্ধি পায়। ভক্তৰ মতে,হনুমান চলিছা পঢ়িলে ভয়লগা সপোনবোৰ দেখাৰ পৰাও বাচি থাকিব পাৰি। ইয়াৰ ফলত জীৱনলৈ ইতিবাচক শক্তিৰ আগমণ হয় আৰু পাৰিবাৰিক কন্দলো দূৰ হয়।
সদায় হনুমান চলিছা লগত লৈ ফুৰাটো উচিত নে ?
অধিকাংশ লোকেই কামৰ তাগিদাত ৰাতিপুৱা সোনকালে ঘৰৰ পৰা ওলাই যায়। যাৰ বাবে ঘৰত হনুমান চলিছা পাঠ কৰিবলৈ সময় নাপায় আৰু হনুমান চালিছাখন লগত লৈ ফুৰে, যাতে সুযোগ পালেই চালিছাখন পাঠ কৰিব পাৰে। যদি আপুনি হনুমান চালিছাখন পৰিষ্কাৰ বা পবিত্ৰ ঠাইত ৰাখে, তেন্তে আপুনি সকলো সময়তে চালিছাখন লগত ৰাখিব পাৰে। শাস্ত্ৰ অনুসৰি, যিকোনো ধৰ্মীয় গ্ৰন্থ সদায় পৰিষ্কাৰ আৰু পবিত্ৰ স্থানত ৰাখিব লাগে।
হনুমান চলিছা লগত ৰখাৰ নিয়ম
বিশ্বাস অনুসৰি, হনুমান চলিছা লগত ৰাখিলে কোনো ক্ষতি নহয়। কিন্তু, এই ক্ষেত্ৰত আপুনি কিছু কথা মনত ৰাখিব লাগিব। হনুমান চালিছাখন বা লকেটটো বা ব্ৰেচলেটডাল পৰিধান কৰি শৌচাগাৰ, অশুদ্ধ বা অপবিত্ৰ ঠাইলৈ নাযাব। যদি কোনো অন্ত্যেষ্টিক্ৰিয়ালৈ যাবলগীয়া হয়, তেন্তে চলিছাখন লগত লৈ যোৱাটো উচিত নহয়। উল্লেখ্য যে, হনুমান চলিছা পাঠ কৰি নিজৰ লগত ৰখাটো ভক্তি আৰু বিশ্বাসৰ লগত জড়িত। যদি আপুনি ইয়াক সন্মান আৰু বিশুদ্ধতাৰে ৰাখে, তেন্তে ই আপোনাক নিশ্চিতভাৱে মানসিক শান্তি আৰু শক্তি প্ৰদান কৰে।