/asomiyapratidin/media/media_files/2025/06/01/QsNjqCNjb1pnmt6oy4Zm.jpg)
কৃষকে পোৱা নাই উচিত মূল্য, গেলি-পচি গৈছে ৰঙালাও
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়াত ৰঙালাও খেতিৰে স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰা খেতিয়ক সকলৰ মাজত সম্প্ৰতি বিৰাজ কৰিছে হাহাকাৰ পৰিস্থিতিৰ। কপালৰ ঘাম মাটিত পেলাই দিনে-ৰাতিয়ে কষ্ট কৰি ৰঙালাওৰ খেতি কৰা খেতিয়ক সকলে উচিত মূল্য নোপোৱাৰ বাবেই এতিয়া মূৰে কপালে হাত দিব লগা হৈছে ৷
/asomiyapratidin/media/media_files/2025/06/01/j5feZNOWK0HDdCbyCAX0.jpeg)
ইফালে, উচিত মুল্য নোপোৱাৰ ফলত খেতিৰ ৰঙালাও ঘৰতে গেলি পচি গৈছে ৷ বিগত কিছুদিন ধৰি চলি থকা নেৰা-নেপেৰা বৰষুণৰ বাবেই খেতিয়কসকলে উৎপাদন কৰা ৰঙালাও বজাৰত বিক্ৰী কৰিব নোৱাৰাৰ ফলত গেলিবলৈ ধৰিছে ৷ এই বিষয়ে জিলা কৃষি বিষয়াৰ লগতে কৃষি বিভাগটোৰ কৰ্মচাৰীসকলে কোনো ধৰণৰ কাণসাৰ তথা গুৰুত্বই প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী দুখীয়া খেতিয়কসকলে৷