/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/90506ee9-5f8a-4496-afb8-fe2149434885/vlogger.jpg)
ডিজিটেল ডেস্ক: ব্লগাৰৰ উৎপাতত বিৰক্ত হৈ এখন খাদ্য বিক্ৰেতাই বাক-বিতণ্ডা লিপ্ত পোৱা এটা ভিডিঅ' শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে।ভিডিঅ’টোত দেখা পোৱা মতে, ব্লগাৰজনে এজন ব্যস্ত চাট বিক্ৰেতাক কিছুমান অবাঞ্চিত প্ৰশ্ন সোধে।যাৰ ফলত ব্যস্ত বিক্ৰেতাজন খঙত অগ্নিশৰ্মা হৈ পৰে।
প্ৰকৃততে, ব্লগাৰজনে খাদ্য প্ৰস্তুত কৰি থকা বিক্ৰেতাজনক সোধে, ‘আপুনি সকলো বস্তু নিজে তৈয়াৰ কৰে নে ?’ এই প্ৰশ্নৰ উত্তৰত বিক্ৰেতাজনে কয়, ‘হয়, ময়ে সকলোবোৰ প্ৰস্তুত কৰো। আপুনি ভাবে নেকি যাদুৰ দ্বাৰা সকলোবোৰ নিজে নিজে হৈ যায় ?’ ইয়াৰ পাছত ব্লগাৰজনে কয়, ‘আপোনাৰ খং উঠা যেন লাগিছে!’ যাৰ কঠোৰভাৱে প্ৰত্যুত্তৰ দি বিক্ৰেতাজনে কয়, ‘মোক খাদ্য সামগ্ৰী প্ৰস্তুত কৰি থকা আপুনি দেখিছেই। তাৰ পাছতো যদি আপুনি এইসমূহ কোনে প্ৰস্তুত কৰে বুলি সোধে, তেন্তে খং উঠাটো স্বাভাৱিক।অনুগ্ৰহ কৰি যেতিয়া আমাৰ ওচৰত কাম নাথাকে, তেতিয়া আহিব। ব্যস্ত সময়বোৰ এনেদৰে নষ্ট নকৰিব। আপুনি এতিয়া যাওঁক।’
কলিকতাৰ এই ভাইৰেল ভিডিঅ'ত অধিকাংশ ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে আমোদজনক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।বহুতেই আকৌ ব্লগাৰজনৰ এনে কৰ্মক তীব্ৰ ভাষাৰে সমালোচনাও কৰিছে।উল্লেখ্য যে, বিগত কেইটামান বছৰত ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এনে খাদ্য ব্লগিঙে খুব জনপ্ৰিয়তা অৰ্জন কৰিছে। এই ভিডিঅ'বোৰত সাধাৰণতে খাদ্যৰসিকসকলে বিভিন্ন খাদ্যৰ দোকান বিচাৰি উলিওৱা, বিভিন্ন ব্যঞ্জনৰ প্ৰস্তুত প্ৰণালী গ্ৰহণ কৰা তথা খাদ্য বিক্ৰেতাসকলৰ সৈতে কথোপকথনত কৰা দেখা যায়।কিন্তু ইয়াৰ খাতিৰতে বহু ব্লগাৰে আগতীয়া অনুমতি নোলোৱাকৈ দোকানসমূহলৈ যায় আৰু ব্যস্ত বিক্ৰেতাসকলৰ কামত ব্যাঘাত জন্মায়।
স্বাভাৱিকভাৱেই প্ৰশ্ন হয়, আগতীয়া সন্মতি অবিহনে যিকোনো ব্যক্তিৰ ফটো, ভিডিঅ’ তথা প্ৰশ্ন সোধাৰ অধিকাৰ এই ব্লগাৰসকলৰ আছেনে?
Also Read: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us