আদৰ্শ ! ২৮ বছৰৰ পিছত বাস্কৰে পুনৰ আৰম্ভ কৰিলে আনুষ্ঠানিক শিক্ষা

কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু নিষ্ঠাৰে কৰ্ম সমাধা কৰিলে সফলতাৰ ক্ষেত্ৰত একোয়েই হেঙাৰ হ’ব নোৱাৰে।তাকে যেন পুনৰবাৰ প্ৰমাণ কৰিলে বাংগালুৰৰ অ’টোচালক বাস্কৰে।হয়, বয়সৰ সীমাবদ্ধতা নেওচি দুই সন্তানৰ পিতৃ বাস্কৰে পুনৰ আৰম্ভ কৰিলে তেওঁৰ শিক্ষা জীৱন।

author-image
Asomiya Pratidin
New Update
আদৰ্শ ! ২৮ বছৰৰ পিছত বাস্কৰে পুনৰ আৰম্ভ কৰিলে আনুষ্ঠানিক শিক্ষা

ডিজিটেল ডেস্ক: কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু নিষ্ঠাৰে কৰ্ম সমাধা কৰিলে সফলতাৰ ক্ষেত্ৰত একোয়েই হেঙাৰ হ’ব নোৱাৰে।তাকে যেন পুনৰবাৰ প্ৰমাণ কৰিলে বাংগালুৰৰ অ’টোচালক বাস্কৰে।হয়, বয়সৰ সীমাবদ্ধতা নেওচি দুই সন্তানৰ পিতৃ বাস্কৰে পুনৰ আৰম্ভ কৰিলে তেওঁৰ শিক্ষা জীৱন।এই অ'টোচালকজনে ১৯৮৫ চনতে তেওঁৰ আনুষ্ঠানিক শিক্ষা সাং কৰিছিল যদিও এই বছৰ তেওঁ প্ৰাক-বিশ্ববিদ্যালয় পাঠ্যক্ৰমৰ পৰীক্ষা দি শিক্ষাজীৱন পুনৰ আৰম্ভ কৰে।

Advertisment

এই খবৰ পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মেডিয়াত বহুজনে এতিয়া ৫৪ বছৰীয়া বাস্কৰক প্ৰশংসাৰে উপচাই পেলাইছে।তেওঁৰ দৰে ব্যক্তি সকলোৰে বাবে আদৰ্শ বুলিও সকলোয়ে স্বীকাৰ কৰিছে। আনুষ্ঠানিক শিক্ষা শেষ কৰাৰ ২৮ বছৰৰ পিছত পুনৰ শিক্ষাৰ প্ৰতি আগ্ৰহী এইজন অ’টোচালকৰ বিষয়ে পোহৰলৈ আনিলে নিধি আগৰৱাল নামৰ এগৰাকী যুৱতীয়ে।এই যুৱতীগৰাকী বাস্কৰৰ অ’টোৰিক্সাত উঠিছিল আৰু তেতিয়াই তেওঁ এইজন বিশেষ ব্যক্তিৰ বিষয়ে জানিব পাৰি ছ’চিয়েল মেডিয়াত এটা প’ষ্ট কৰিছিল।

প্ৰকৃততে, নিধিয়ে ইনষ্টাগ্ৰামত অ’টোচালকজনৰ এখন হাঁহি থকা ফ’টো প’ষ্ট কৰি উল্লেখ কৰে যে, ‘আজি অ’লা অ’টোত মোৰ সংগী বাস্কৰ জী।আজি তেওঁ তেওঁৰ ইংৰাজী পৰীক্ষা দি আহিছে।১৯৮৫ চনত দশম শ্ৰেণীৰ পৰা বিৰতিৰ পিছত এই বছৰ তেওঁ পিইউচি পৰীক্ষাত অৱতীৰ্ণ হৈছে।এটা তৃতীয় আৰু আনটো ষষ্ঠ শ্ৰেণীত পঢ়ি থকা দুটা সন্তানৰ এইগৰাকী পিতৃৰ হাঁহিটোৰ লগতে প্ৰয়াসো সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক!’ নিধি আগৰৱালাৰ প’ষ্টটো ইণ্টাৰনেটত ভাইৰেল হোৱাৰ লগে লগে বাস্কৰৰ কাহিনীয়ে বহুলোকৰ হৃদয় স্পৰ্শ কৰে।সকলোয়ে তেওঁৰ দৰে এগৰাকী মহান ব্যক্তিক সকলোৰে সৈতে পৰিচয় কৰাই দিয়াৰ বাবে নিধি আগৰৱালাকো কৃতজ্ঞতা প্ৰকাশ কৰে।

Also Read: ভাৰতীৰ সফলতাৰ যাত্ৰাৰ বিষয়ে জানিলে আপুনিও লাভ কৰিব অনুপ্ৰেৰণা