চৰকাৰে প্ৰকাশ কৰিলে তথ্য, চিন্তিত অভিভাৱক

সন্তানক উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ পঠোৱাটো অধিকাংশ অভিভাৱকৰে সপোন। কিন্তু যোৱা ৫ বছৰত বিভিন্ন দেশত ৪০০ৰো অধিক ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৱে অভিভাৱকসকলক এতিয়া স্বাভাৱিকভাৱেই চিন্তাত পেলাইছে। শেহতীয়াকৈ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰা মতে, বিভিন্ন কাৰণত বিগত ৫ বছৰত ৪০৩ জন ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশত মৃত্যু হৈছে।

author-image
Asomiya Pratidin
New Update
চৰকাৰে প্ৰকাশ কৰিলে তথ্য, চিন্তিত অভিভাৱক

ডিজিটেল ডেস্ক: সন্তানক উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিদেশলৈ পঠোৱাটো অধিকাংশ অভিভাৱকৰে সপোন। কিন্তু যোৱা ৫ বছৰত বিভিন্ন দেশত ৪০০ৰো অধিক ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৱে অভিভাৱকসকলক এতিয়া স্বাভাৱিকভাৱেই চিন্তাত পেলাইছে। শেহতীয়াকৈ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰা মতে, বিভিন্ন কাৰণত বিগত ৫ বছৰত ৪০৩ জন ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশত মৃত্যু হৈছে।

২০১৮ চনৰ পৰা প্ৰাকৃতিক কাৰণ, দুৰ্ঘটনা আৰু চিকিৎসাজনিত অৱস্থাৰ দৰে বিভিন্ন কাৰণত বিদেশৰ অধ্যয়ন কৰা ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যুৰ মুঠ ৪০৩ টা ঘটনা সংঘটিত হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে লোকসভাত প্ৰকাশ কৰে। এই দুৰ্ভাগ্যজনক ঘটনা ৯১ টা কানাডা আৰু ৪৮টা  ব্ৰিটেইনত সংঘটিত হৈছে।যি এই তালিকাৰ শীৰ্ষত আছে। ইয়াৰ পিছত আছে ইউ কে (৪৮), ৰাছিয়া (৪০), আমেৰিকা যুক্তৰাজ্য (৩৬), অষ্ট্ৰেলিয়া (৩৫), ইউক্ৰেইন (২১) আৰু জাৰ্মানী (২০)। তথ্য অনুসৰি চাইপ্ৰাছত ১৪ জন, ফিলিপাইনছ আৰু ইটালীত ১০ জন আৰু কাটাৰ, চীন আৰু কিৰগিজস্তানত ৯ জনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হৈছে। প্ৰতিখন দেশতে শিক্ষাৰ্থীৰ মৃত্যুৰ কাৰণবোৰ বেলেগ বেলেগ।

মন্ত্ৰীজনে লগতে প্ৰকাশ কৰা মতে, বিদেশত থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ সুৰক্ষা চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ।উল্লেখ্য যে, এই তথ্যৰ লাভ কৰি স্বাভাৱিকভাৱেই অভিভাৱকসকল এতিয়া চিন্তিত হৈ পৰিছে। আনহাতে, জীৱনটোক উজলাই তোলাৰ স্বাৰ্থত বিদেশলৈ পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ এই হাৰত অকাল মৃত্যু হোৱাটোও সঁচাই দুৰ্ভাগ্যজনক।

Also Read: সাগৰীয় মাছ খাওঁতে সাৱধান হ’ব, অন্যথা যাব পাৰে আপোনাৰো প্ৰাণ