অন্যথা স্থবিৰ হ’ব পাৰে শাৰীৰিক-মানসিক বিকাশ

অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ পৰা স্বাভাৱিকভাৱেই বহু আশা কৰে। যাৰ বাবে অভিভাৱকে সন্তানক নিখুঁত হ'বলৈ ইমানেই হেঁচা প্ৰয়োগ কৰে যে তেওঁলোকৰ কিছুমান লক্ষণ উপেক্ষা কৰে। হয়, শৈশৱতে শিশুৰ কিছুমান লক্ষণ মন কৰি আপুনি তেওঁলোকক উচিত বিকাশত সহায় কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
অন্যথা স্থবিৰ হ’ব পাৰে শাৰীৰিক-মানসিক বিকাশ

ডিজিটেল ডেস্ক: অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ পৰা স্বাভাৱিকভাৱেই বহু আশা কৰে। যাৰ বাবে অভিভাৱকে সন্তানক নিখুঁত হ'বলৈ ইমানেই হেঁচা প্ৰয়োগ কৰে যে তেওঁলোকৰ কিছুমান লক্ষণ উপেক্ষা কৰে। হয়, শৈশৱতে শিশুৰ কিছুমান লক্ষণ মন কৰি আপুনি তেওঁলোকক উচিত বিকাশত সহায় কৰিব পাৰে।

Advertisment

আত্মসন্মানৰ অভাৱ

আত্মসন্মানৰ অভাৱ থকা শিশুৱে তেওঁলোকৰ সামৰ্থ্যত সন্দেহ কৰি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সংকোচ কৰে। তেওঁলোকে কোনো আলোচনা আৰু পাঠ্যক্ৰমৰ কাৰ্যকলাপত অংশগ্ৰহণ তথা  মুকলিকৈ মতামত দিয়াৰ পৰা নিজকে আতৰাই ৰাখে। সেয়েহে, অভিভাৱকসকলে সন্তানৰ ওপৰত আস্থা বৃদ্ধি কৰক আৰু প্ৰতিটো সাফল্যৰ বাবে তেওঁলোকক প্ৰশংসা কৰিবলৈ শিকক। ইয়াৰ দ্বাৰা তেওঁলোকে জীৱনত যিকোনো কাম কৰিবলৈ  কুণ্ঠাবোধ নকৰিব।

যিকোনো কাম আধাতে এৰা

উদ্বিগ্নতা, ভয়, বিফলতা বা উৎসাহৰ অভাৱৰ বাবে আপোনাৰ সন্তানে বাৰে বাৰে কাম এটা স্থগিত ৰাখিবলৈ চেষ্টা কৰিব পাৰে। যদি আপোনাৰ সন্তানে যিকোনো কাম বা হোমৱৰ্ক কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেনেহ'লে আপুনি তেওঁৰ এনে আচৰণৰ কাৰণ বিচাৰি তেওঁক সহায় কৰা উচিত।

নিজকে প্ৰকাশ কৰিবলৈ অক্ষম

যোগাযোগ দক্ষতাৰ অভাৱৰ বাবেও আপোনাৰ সন্তানটোয়ে জীৱনত আগবাঢ়ি যোৱাত বাধাৰ সন্মুখীন হ’ব পাৰে।সেয়েহে, অভিভাৱকসকলে সৰুৰে পৰাই সন্তানক সুশৃংখলভাৱে কাম কৰিবলৈ শিকাওঁক।যাতে তেওঁলোকে প্ৰয়োজন হ'লে নিজৰ দক্ষতা প্ৰকাশ কৰিবলৈ সক্ষম হয়।

বিভ্ৰান্তি

টোপনিৰ অভাৱ বা অত্যাধিক টিভি চোৱাৰ বাবে আপুনি গম নোপোৱাকৈয়ে সন্তানৰ বিভ্ৰান্তি হ'ব পাৰে।পৰিয়ালৰ সদস্যসকলে ডাঙৰকৈ কথা কোৱা অথবা কাজিয়া লগাও ইয়াৰ কাৰণ হ'ব পাৰে। অভিভাৱকসকলে সন্তানৰ এই সমস্যাটো চিনাক্ত কৰি সমাধানৰ পদক্ষেপ লোৱাটো  অতি গুৰুত্বপূৰ্ণ।

Also Read: আপোনাৰ সন্তানেও পঢ়িবলৈ মন নকৰে নেকি ?