মুখৰ দুৰ্গন্ধৰ কাৰণ, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানি লওঁক

মুখৰ দুৰ্গন্ধৰ কাৰণ, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানি লওঁক
Published on
Updated on

ডিজিটেল ডেস্ক: মুখৰ দুৰ্গন্ধ, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত হেলিটোচিছ বুলি কোৱা হয়।যি এক অতি সচৰাচৰ সমস্যা। এই সমস্যা বিভিন্ন কাৰণত হ'ব পাৰে।কিন্তু সঠিক যত্ন আৰু চিকিৎসাৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মীয়া মুখৰ পৰিচ্ছন্নতা বজাই ৰখা, সঠিক খাদ্য গ্ৰহণ কৰা তথা সময়মতে চিকিৎসা কৰাটো এই সমস্যাৰ পৰা হাত সৰাৰ অন্যতম উপায়। 

মুখ গোন্ধোৱাৰ কাৰণ-

পৰিস্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ

- দাঁত আৰু জিভা সঠিকভাৱে পৰিস্কাৰ নকৰিলে বেক্টেৰিয়া বৃদ্ধি হয়, যাৰ ফলত দুৰ্গন্ধ হয়।

খাদ্যসামগ্ৰী

- পিয়াজ, নহৰু আৰু মচলাযুক্ত খাদ্য খালেও মুখৰ পৰা দুৰ্গন্ধ ওলায়।

শুকান মুখ

- লেলাৱতিৰ অভাৱৰ ফলত মুখত বেক্টেৰিয়া বৃদ্ধি হৈ দুৰ্গন্ধ ওলাব পাৰে। শুকান মুখ ঔষধ, ধূমপান, বা চিকিৎসীয় স্থিতিৰ ফলত হ'ব পাৰে।

ধঁপাত আৰু ধূমপান

ধঁপাত জাতীয় সামগ্ৰী আৰু ধূমপানৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলায়।

স্বাস্থ্যৰ সমস্যা

- চাইনাছ সংক্ৰমণ, ডিঙিৰ সংক্ৰমণ, হাঁওফাঁওৰ সংক্ৰমণ, বৃক্কৰ সমস্যা বা ডায়েবেটিচৰ দৰে স্থিতিৰ ফলত মুখৰ দুৰ্গন্ধ হ'ব পাৰে।

দাঁতৰ সমস্যা

- দাঁতৰ ক্ষয়, আলুৰ ৰোগ বা দাঁতত আৱদ্ধ খাদ্যকণাইও দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়-

   - দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব।

   - জিভা পৰিস্কাৰ কৰি ৰাখিব।পৰীক্ষাৰ বাবে নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাব।

   - অধিক পানী খাব।

   - সুৰা আৰু কেফেইন গ্ৰহণ সীমিত কৰিব।

   - পিঁয়াজ, নহৰু আৰু মচলাযুক্ত খাদ্যও কমাই খাব।

   - ধঁপাতজাত সামগ্ৰী ব্যৱহাৰ কৰা বন্ধ কৰক আৰু ধূমপানো ত্যাগ কৰক।

   - বেক্টেৰিয়া ৰোধী মাউথৱাছ ব্যৱহাৰ কৰিব।

 - যদি আপোনাৰ দুৰ্গন্ধৰ কাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৈতে সম্পৰ্কিত, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু সঠিক চিকিৎসা কৰক।

মুখৰ দুৰ্গন্ধৰ কাৰণ, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় জানি লওঁক
হালধীয়া দাঁতৰ বাবে লাজত পৰিছে যদি এইসমূহ ঘৰুৱা উপায় অৱলম্বন কৰক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in