/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/58d61675-a115-4ffe-829a-a84da8f1d3d2/AP_FOR_WEB_heat_wave_.jpg)
শেহতীয়াকৈ গুৱাহাটীৰ লগতে ৰাজ্যত তাপমাত্ৰা ৩২ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। গৰমৰ ফলত অস্বস্তিত পৰিছে ৰাজ্যবাসী। ইতিমধ্যে কেইবাখনো ৰাজ্যত হীটৱেভৰ ফলত সতৰ্কতাবাণী জাৰি কৰা হৈছে ৷প্ৰচণ্ড গৰমৰ ফলত বহু লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ডিহাইড্ৰেচনৰ ( Dehydration) সমস্যা ক্ৰমাৎ বাঢ়ি আহিছে। লগতে বাঢ়িছে ছালৰ সমস্যা। এনে পৰিস্থিতিত আপুনি কি খাইছে, কি পিন্ধিছে আৰু কিদৰে ছালখনৰ যত্ন লৈছে সেইটো অতি গুৰুত্বপূৰ্ণ বিষয়...
ডিহাইড্ৰেচনৰ ( Dehydration) সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কেৱল পানী খালে নহ'ব। সেই পানীত উপযুক্ত পৰিমাণৰ মিনাৰেল আছে নে নাই ইয়াৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আপুনি খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক তৰমুজ,তিয়ঁহ,কমলা, নাৰিকলৰ পানী আৰু সেউজীয়া পাচলি। দিনটোত ঘনাই পানী সেৱন কৰক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/00df5938-9e48-4a04-bae1-a616f99c8304/Coconut-Water-2.avif)
ডিহাইড্ৰেচনৰ ফলত আপোনাৰ ওঁঠজুৰি ফাটিব পাৰে। ওঁঠত শ্বিয়া বাটাৰ বা নাৰিকল তেলৰ দৰে হাইড্ৰেটিং উপাদান প্ৰয়োগ কৰক।
আপোনাৰ ছালক ইউ ভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰিবলৈ ছানস্ক্ৰীণ প্ৰয়োগ কৰিবলৈ নাপাহৰিব। আটাইতকৈ জৰুৰী হৈছে কেফেইন আৰু সুৰা দুয়োটা পৰিহাৰ কৰক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8ad4adef-8eb7-4d73-b0a4-4bd138415c41/i68eo9i_face-wash-in-summer_625x300_07_May_22.webp)
গৰমৰ পৰা হাত সাৰিবলৈ পিন্ধনটো গুৰুত্ব দিয়া উচিত। শৰীৰে উশাহ ল’ব পৰা কাপোৰ, যেনে- কপাহ, মছলিন, লেনিন আদি কাপোৰ পৰিধান কৰক । গাঢ় ৰঙৰ কাপোৰ পিন্ধিব নালাগে কাৰণ ই গৰম শোষণ কৰে। ইয়াৰ লগতে ঢিলা কাপোৰ পিন্ধিলে শৰীৰত বতাহ সোমায়। গৰমত শুভ্ৰ লগতে যিকোনো পাতল ৰঙৰ কাপোৰ পৰিধান কৰক।
গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ডিঙিত তিতা টাৱেল এখন মেৰিয়াই ল’ব পাৰে। ফলত কেইবা ঘণ্টা ধৰি আপুনি শীতল অনুভৱ কৰিব।বিচনী ব্যৱহাৰ কৰিব পাৰে ।
গৰমৰ দিনত কোমল আৰু বেক্টেৰিয়ানাশক চাবোনেৰে গাটো ভালকৈ ধুব। গামোচাৰে ভালকৈ মচি গাটো শুকুৱাই পেলাব। গা ধোৱা পানীত ২ চামুচমান বেকিং ছ’ডা মিহলাই ল’লেও ঘামচিৰ পৰা ৰক্ষা পোৱা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a1c50158-f4f6-43e2-bb9c-9912de2a3283/31.jpg)
ঢিলা পোছাক পিন্ধাৰ উপৰি গাত পাউডাৰ ছটিয়াব। ঘামচি নোহোৱা কৰিবলৈ আজিকালি বহুত ঔষধযুক্ত পাউডাৰ পোৱা যায়। সেইবোৰো যথেষ্ট উপকাৰী।