/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/91dc18fe-2ab9-41a6-a556-dc2d55d691bf/AP_FOR_WEB_travel.jpg)
ডিজিটেল ডেস্ক: ভ্ৰমণ সকলোৰে প্ৰিয়। আমি সকলোয়ে নতুন নতুন ঠাইলৈ গৈ নতুন অভিজ্ঞতা অৰ্জন কৰি ভাল পাওঁ।কিন্তু ভ্ৰমণ যিমানেই আকৰ্ষণীয় সিমানেই প্ৰত্যাহ্বানজনক।এই সময়ছোৱাত আপোনাৰ অলপ অসাৱধানতাৰ বাবেই আপুনি গুৰুতৰ স্বাস্থ্য সংকটত পৰিব পাৰে।সেয়েহে ভ্ৰমণৰ সময়ছোৱাত আপুনি কেতবোৰ বিশেষ দিশত চকু দিয়াটো দৰকাৰ।নতুন ঠাই উপভোগ কৰিবলৈ যাওঁতে আপুনি কেনেদৰে নিজকে স্বাস্থ্যৱান ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-
যথেষ্ট পৰিমাণে পানী খাব
ভাগৰ, কোষ্ঠকাঠিন্য, মুৰৰ বিষ আদিৰ দৰে স্বাস্থ্যৰ স্থিতি পৰিহাৰ কৰিবলৈ আৰু যাত্ৰাৰ সময়ত আপোনাৰ স্বাস্থ্যৰ যত্ন ল'বলৈ পৰ্যাপ্ত পানী খাব লাগিব। ‘ডিহাইড্ৰেচন’ৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ আপুনি য'লৈকে যায়, পানীৰ বটল এটা লগত লৈ যাবলৈ নাপাহৰিব।
পৰ্যাপ্ত টোপনি
যাত্ৰাৰ সময়ত পৰ্যাপ্ত টোপনি যোৱাটো কঠিন। কিন্তু এই সময়ছোৱাত পৰ্যাপ্ত টোপনি নহ’লে ই আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে, যাত্ৰাৰ সময়ত আপোনাৰ সৈতে এটা সৰু গাৰু লগত নিব আৰু সুবিধা পালেই টোপনি যাবলৈ চেষ্টা কৰিব।
হাত ভালদৰে ধুব
যাত্ৰাৰ সময়ত ফ্লু বা ডায়েৰিয়াৰ দৰে সংক্ৰমণ হ'ব পাৰে। সেয়েহে, এই সময়ছোৱাত আপোনাৰ হাত পৰিস্কাৰ কৰি ৰাখিব।হাত সময়ে সময়ে ধুই থকাৰ উপৰিও কিবা খোৱাৰ আগতে চেনিটাইজ কৰিব যাতে কোনো সংক্ৰমণ নহয়।
ব্যায়াম কৰিব
শৰীৰটো সুস্থ আৰু উদ্যমী কৰি ৰাখিবলৈ ষ্ট্ৰেচিং ব্যায়াম কৰিব। দীঘলীয়া সময় বহি থাকিলে আপোনাৰ শৰীৰত ৰক্ত সঞ্চালন প্ৰভাৱিত হ'ব পাৰে, যাৰ ফলত তেজ গোট খাব পাৰে। গতিকে ৰক্ত সঞ্চালন সঠিক ৰাখিবলৈ ব্যায়াম কৰি থাকক।
কেঁচা খাদ্য নাখাব
যাত্ৰাৰ সময়ত কেঁচা খাদ্য নাখাব। ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাহিৰেও দোকানৰ পৰা কোনো নাখাব। ই হজমত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।ভ্ৰমণলৈ যাওঁতে পাৰিলে ঘৰত তৈয়াৰ কৰা খাদ্য লগত লৈ যাব।
Also Read: বিবাহৰ পূৰ্বে সংগীৰ সৈতে এইকেইখন ঠাইলৈ যাব
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us