/asomiyapratidin/media/media_files/2025/10/15/ap-web-1-2025-10-15-12-59-38.jpg)
ডিজিটেল ডেস্ক: আজিৰ জীৱনশৈলীত মনটো শান্ত কৰি ৰখাটো খুব কঠিন হৈ পৰিছে। জীৱনত সুখী হ'বলৈ টকায়েই সকলো নহয়, মানসিক শান্তি থকাটোও অতি গুৰুত্বপূৰ্ণ। মনটোৰ ওপৰতেই সকলোখিনি নিৰ্ভৰ কৰে। মন ভাল মানে যেন সকলোপিনৰ পৰাই সকলো ভাল। মনটো অশান্ত হ'লে কোনো কামতেই সাৰ্থক হ'ব নোৱাৰি।আপোনাৰো মনটো যদি সঘনাই অশান্ত হৈ থাকে, তেন্তে ইয়াৰ সমাধান বাস্তু শাস্ত্ৰত আছে।
অশান্ত মনটোক শান্ত কিদৰে কৰিব ?
১) ঘৰটো পৰিস্কাৰ কৰা পানী অথবা ঘৰ মোচা পানীত এক চামুচ নিমখ দি ল’ব। ই ঘৰৰ নেতিবাচক শক্তি নাইকিয়া কৰি ইতিবাচক পৰিৱেশ বৰ্তাই ৰাখে।
২) ঘৰৰ মুৰব্বীজনে সদায় দক্ষিণ-পশ্চিম দিশলৈ মূৰ থৈ শুব লাগে। এই দিশলৈ মূৰ দি শুলে টোপনি ভাল হয়, যিয়ে শৰীৰক শক্তি প্ৰদান কৰে।
৩) ঘৰৰ পূব দিশত অত্যাধিক গছ-গছনি থকাটো উচিত নহয়। ই ঘৰখনৰ লোকসকলৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায়।
৪) মানসিক শান্তি বৰ্তাই ৰাখিবলৈ ঘৰত পৰিয়ালৰ ফটো দক্ষিণ-পশ্চিম দিশত ৰাখিব লাগে। পৰিয়াল বা পৰিয়ালৰ মুখ্য দম্পতীৰ ফটো পশ্চিম দিশত ৰখাটো ভাল বুলি গণ্য কৰা হয়।
৫) ঘৰৰ যদি দুখ তথা হতাশা সম্পৰ্কিত কিবা ফটো থাকে, সেয়া আঁতৰাব লাগে কিয়নো ই ঘৰৰ নেতিবাচকতা বৃদ্ধি কৰে।
৬) ডাষ্টবিন তথা ৰঙা, গুলপীয়া ৰঙৰ একো সামগ্ৰীয়েই ঘৰৰ উত্তৰ-পূব দিশত ৰাখিব নালাগে। পঢ়ি হোৱা বাতৰি কাকতবোৰো উত্তৰ-পূবৰ দিশত ৰাখিব নালাগে।
৭) যদি আপোনাৰ কামত কোনো বাধা থাকে, তেন্তে ঘৰত দুটা কফুৰৰ টোপোলা অথবা ক্ৰিষ্টেল ৰাখিব।
৮) মানসিক শান্তি বজাই ৰাখিবলৈ দক্ষিণ-পশ্চিম দিশত পৰিয়ালটোৰ এখন সম্পূৰ্ণ ফটো আৰু ঘৰৰ পশ্চিম দিশত পৰিয়ালৰ মুখ্য দম্পতীৰ ফটো ৰাখিব।
৯)গোঁসাইঘৰত ঘিউৰ চাকি, ধূপ আৰু শংখ বজাবলৈ কেতিয়াও নাপাহৰিব।
১০) গায়ত্ৰী মন্ত্ৰ, গণপতি অথৰ্বশিৰমৰ দৰে মন্ত্ৰ জপ কৰিব। ই মনলৈ শান্তি আৰু ইতিবাচক শক্তি আনে।