Advertisment

মহাশিৱৰাত্ৰিৰ প্ৰসাদ খাই অসুস্থ হোৱাসকলৰ বাবে সহজ চিকিৎসা

ভাং আৰু শিৱৰাত্ৰিৰ এৰাব নোৱাৰা সম্পৰ্ক। ভাং মহাদেৱৰ অতি প্ৰিয়। সেয়েহে ভাঙক তেওঁৰ প্ৰসাদ বুলি গণ্য কৰা হয়। ভাং অবিহনে আধৰুৱা শিৱৰাত্ৰিৰ পূজা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
২২

ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি হিন্দু ধৰ্মালম্বী লোকসকলৰ এক পৱিত্ৰ উৎসৱ। সমগ্ৰ দেশজুৰি খুব উলহ-মালহৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। কিন্তু কেতিয়াবা শিৱৰাত্ৰি পালনৰ পাছতে ভক্তসকল অসুস্থ হৈ পৰে। ইয়াৰ অৱশ্যে কাৰণো আছে। হয়, গোটেই নিশাজুৰি শিৱৰাত্ৰিৰ পূজা চলি থাকে। ফলত এই পূজাৰ ভোগ খাওঁতে ভক্তৰ বহু পলম হয়। নিশা পলমকৈ মাহ-প্ৰসাদ, পায়স, খিচিৰি, ঘোটা, লাড়ু আদি খোৱাৰ ফলত বহুতৰ হজমৰ সমস্যা হয়। এই প্ৰসাদত অধিকাংশ লোকে মহাদেৱৰ প্ৰিয় ভাং মিহলি কৰে।

Advertisment

এই প্ৰসাদ অত্যন্ত সোৱাদযুক্ত। সোৱাদৰ বাবেই বহু ভক্তই এই প্ৰসাদ অত্যধিক পৰিমাণে গ্ৰহণ কৰে। কম বয়সীয়া ল’ৰা-ছোৱালীবোৰে এই বিশেষ দিনটোৰ অজুহাতত ভাঙৰ সোৱাদ ল’বলৈ চখতে এই প্ৰসাদ বেছিকৈ খায়। কিছুমানে ছিলিমো টানে। একাংশ ভক্তই আকৌ বহু পূজাস্থলীত সেঁৱা কৰি গম নোপোৱাকৈয়ে জোখতকৈ অধিক ভাং মিহলি প্ৰসাদ গ্ৰহণ কৰে। এনেদৰে খাওঁতে জোখতকৈ বেছি ভাং শৰীৰলৈ যায়। এই প্ৰসাদ খোৱাত অভ্যস্ত নোহোৱাৰ বাবে  বহু লোকে প্ৰসাদ গ্ৰহণৰ পাছত অস্বাভাৱিক আচৰণ কৰে। এনে আতহুৱা আচৰণ কৰাৰ বাবে বহু ভক্তৰ ঘৰতো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। 

প্ৰকৃততে, অধিকাংশ লোকেই এই পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে, সেই বিষয়ে জ্ঞাত নহয়। কিন্তু, কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই আপুনি ভাঙৰ নিচা দূৰ কৰিব পাৰে। এই উপায়সমূহ হৈছে-

নেমু পানী খাব

ভাঙৰ নিচা কমাবলৈ আপুনি নেমু পানী খাব পাৰে। নিচা দূৰ কৰাত ইয়াক উপযোগী বুলি গণ্য কৰা হয়। সেয়েহে, নিচা হোৱা যেন লাগিলে পলম নকৰি নেমু পানী খাব।

বেছিকৈ পানী খাব

ভাঙৰ নিচাৰ প্ৰভাৱ হ্ৰাস কৰাৰ আটাইতকৈ কাৰ্যকৰী উপায় হ'ল পানী খোৱা। পানীয়ে শৰীৰক হাইড্ৰেট কৰে আৰু বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত সহায় কৰে। নিচাৰ ফলত শৰীৰ ডিহাইড্ৰেটেড হ'ব পাৰে, যাৰ ফলত মুৰৰ বিষ আৰু ওকালি আহিব পাৰে।

গৰম পানীৰে গা ধুব

গৰম পানীত গা ধোৱাটোয়েও ভাঙৰ নিচা হ্ৰাস কৰাত লাভজনক। অৱশ্যে, অত্যাধিক গৰম পানী ব্যৱহাৰ নকৰিব। গৰম পানীৰ স্নানে শৰীৰত ভাঙৰ প্ৰভাৱ অধিক দ্ৰুততাৰে হ্ৰাস কৰাত সহায় কৰিব পাৰে।

নাৰিকলৰ পানী খাব

ভাঙৰ নিচা হ্ৰাস কৰাত নাৰিকলৰ পানীও অত্যন্ত কাৰ্যকৰী। ই শৰীৰক হাইড্ৰেট কৰাত সহায় কৰে আৰু নিচা হ্ৰাস কৰাতো ই উপকাৰী হ'ব পাৰে।

টেঙা ফল

নেমুৰ দৰে নিচা হ্ৰাস কৰাত সহায় কৰিব পাৰে টেঙাজাতীয় ফলবোৰে। এই ক্ষেত্ৰত, আপুনি কমলা, মৌচুমী আৰু আঙুৰৰ দৰে টেঙা ফল খাব পাৰে। যিয়ে শৰীৰৰ পৰা ভাঙৰ নিচাৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰিব পাৰে। অৱশ্যে, টেঙা ফলৰ প্ৰতি এলাৰ্জি থকাসকলে এইসমূহ খোৱা পৰিহাৰ কৰিব।

ভেষজ চাহ

ভাঙৰ নিচা হ্ৰাস কৰিবলৈ ভেষজ চাহো খাব পাৰি। এই ক্ষেত্ৰত এগিলাচ জেচমিন বা গোলাপৰ সোৱাদযুক্ত ভেষজ চাহ খালে ভাঙৰ নিচাৰ প্ৰভাৱ হ্ৰাস হয়।

উল্লেখ্য যে, ২৬ ফ্ৰেব্ৰুৱাৰীৰ পূৱা ১১.০৮ বজাত আৰম্ভ হৈ ২৭ ফ্ৰেব্ৰুৱাৰী অৰ্থাৎ আজি পুৱা ৮.৫৪ বজাত শিৱৰাত্ৰিৰ পূজা সমাপ্ত হয়। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে খুব উলহ-মালহৰে পালন কৰা হয় মহাশিৱৰাত্ৰি।

Also Read: যদি আপুনিও দেখে এই সপোন, তেন্তে সোনকালেই হ'ব অগাধ সম্পত্তিৰ গৰাকী