এইসমূহ ঘৰুৱা উপায়ৰে ডাঠ কৰক পাতল চেলাউৰি

পাতল চেলাউৰি ডাঠ কৰিবলৈ আপুনি এল’ভেৰা জেল, নাৰিকল তেল আৰু কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
এইসমূহ ঘৰুৱা উপায়ৰে ডাঠ কৰক পাতল চেলাউৰি

ডিজিটেল ডেস্ক: মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধিত আমাৰ চেলাউৰিযোৰে বিশেষ ভূমিকা পালন কৰে।চেলাউৰি ঘন আৰু ক'লা হ'লে ই মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি কৰে।কিন্তু আজিকালি বহু মহিলাৰে চেলাউৰি পাতল হৈ পৰিছে।ইয়াৰ কাৰণ হৈছে শৰীৰত পুষ্টিৰ অভাৱ, অটোইমিউন ৰোগ, সঘনাই চেলাউৰি ঘঁহি থকা। পাতল চেলাউৰি ডাঠ কৰিবলৈ আপুনি এল’ভেৰা জেল, নাৰিকল তেল আৰু কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

নাৰিকল তেল আৰু এল’ভেৰা জেল 

এল’ভেৰা জেল আৰু নাৰিকল তেল চুলিৰ বিকাশৰ বাবে আৰু চুলি সৰা প্ৰতিহত কৰাৰ বাবে অতি উপকাৰী। এই দুয়োবিধেই চুলিৰ গুৰিক পুষ্টি দিয়ে।ইয়াৰ বাহিৰেও ই চেলাউৰি আৰ্দ্ৰ কৰে। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণ হৈছে যে, এল’ভেৰাই চুলিৰ বিকাশ বৃদ্ধি কৰা আৰু চুলিৰ ফলিকল শক্তিশালী কৰাত সহায় কৰে। 

কিদৰে ব্যৱহাৰ কৰিব ? 

. এটা বাটিত ১ চাহ চামুচ এল’ভেৰা জেল আৰু ১ চাহ চামুচ নাৰিকল তেল ল’ব। 

. দুয়োটা উপাদান ভালদৰে মিহলি কৰক আৰু ইয়াক চেলাউৰিত প্ৰয়োগ কৰক। 

. ইয়াৰ পিছত চেলাউৰি বৃত্তাকাৰ গতিত মালিচ কৰক। 

. ৰাতি টোপনি যোৱাৰ আগতে এই মিশ্ৰণটো চেলাউৰিত মালিচ কৰি গোটেই ৰাতি থাকিবলৈ দিব।

. পিছদিনা পুৱা পানীৰে ধুব পেলাব। 

. নিয়মীয়াকৈ এনে কৰিলে চেলাউৰি ঘন আৰু শক্তিশালী হয়। 

নাৰিকল তেল আৰু এল’ভেৰা জেলৰ উপৰিও আপুনি চেলাউৰিত এইসমূহ লগাব পাৰে-

অলিভ অইল 

আপুনি ক'লা আৰু ঘন চেলাউৰিৰ বাবে অলিভ অইল বা জলফাই তেল ব্যৱহাৰ কৰিব পাৰে। ২-৩ টোপাল অলিভ অইল লৈ চেলাউৰিত ১০ মিনিটৰ বাবে মালিচ কৰিব।এনে কৰিলে চেলাউৰিৰ বিকাশ দ্ৰুততৰ হয়।

পিঁয়াজৰ ৰস 

আপুনি ডাঠ চেলাউৰিৰ বাবে পিয়াজৰ ৰস প্ৰয়োগ কৰিব পাৰে। অলপমান পিঁয়াজৰ ৰস উলিয়াই চেলাউৰিত প্ৰয়োগ কৰি ৫-১০ মিনিটৰ বাবে এনেদৰে এৰি দিয়ক। নিৰ্ধাৰিত সময়ৰ পিছত চেলাউৰি পানীৰে ধুব পেলাব। 

কেষ্টৰ অইল 

আপুনি চেলাউৰি ডাঠ আৰু ঘন কৰিবলৈ কেষ্টৰ অইলো ব্যৱহাৰ কৰিব পাৰে। ইয়াত থকা ফেটি এচিড, ভিটামিন আৰু এণ্টিঅক্সিডেণ্টে চেলাউৰিক পুষ্টি দিয়ে।

কেঁচা গাখীৰ 

চেলাউৰি ঘন কৰিবলৈ আপুনি কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। গাখীৰেৰে চেলাউৰি নিয়মীয়াকৈ মালিচ কৰিবলৈ লওঁক। লাহে লাহে আপোনাৰ পাতল চেলাউৰি ডাঠ হ'বলৈ আৰম্ভ কৰিব।

Also Read: এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ