এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ

এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্ববাসীয়েই এতিয়া মেদবহুলতাৰ সমস্যাত ভূগিছে।স্বাস্থ্য বিশেষজ্ঞসকলে সদায়েই মানুহক মেদবহুলতা বা ওজন বৃদ্ধিৰ সমস্যাৰ বিষয়ে সতৰ্ক কৰি আহিছে। এক প্ৰতিবেদনে প্ৰকাশ কৰিছে যে ২০২৩ চনৰ শেষৰ ফালে বিশ্বৰ ২.৭ বিলিয়ন লোক মেদবহুলৰ চিকাৰ হ'ব আৰু যদি এনেদৰে চলি থাকে তেন্তে ২০৩৫ চনৰ ভিতৰত বিশ্বৰ জনসংখ্যাৰ প্ৰায় আধা লোক মেদবহুল হ'ব। নিম্ন আয়ৰ দেশবোৰত এই সমস্যা অধিক দেখা যাব। 

শেহতীয়া এক প্ৰতিবেদন অনুসৰি, ৱৰ্ল্ড অবেচিটি ফেডাৰেচনৰ ২০২৩ এটলছে ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী ১২ বছৰৰ ভিতৰত ৫১% বা চাৰি বিলিয়নতকৈ অধিক লোক মেদবহুল হ'ব। প্ৰতিবেদনত দেখা গৈছে যে মেদবহুলতাৰ সমস্যা বিশেষকৈ শিশু আৰু নিম্ন আয়ৰ দেশবোৰত দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০৩৫ চনলৈ পৃথিৱীৰ আধাতকৈ অধিক লোক মেদবহুল হ'ব।

জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াইছে মেদবহুলতাই

শৰীৰৰ চৰ্বিক একেবাৰে সহজভাৱে নল'ব। অতিৰিক্ত চৰ্বি জমা হোৱাৰ ফলত শৰীৰৰ কিছুমান অংশ ভাৰসাম্যহীন হৈ পৰে, যিস্বাস্থ্যৰ বাবে অতি বিপদজনক। মেদবহুলতাৰ ফলত মৃত্যুৰ আশংকা প্ৰায় ৯১ শতাংশ বৃদ্ধি হ'ব পাৰে।  এক গৱেষণা অনুসৰি, অতিৰিক্ত ওজনে বহুক্ষেত্ৰত মৃত্যুৰ হাৰ বৃদ্ধি কৰে।

যদি আপুনিও মেদবহুলতাৰ চিকাৰ হৈছে, তেন্তে এইবোৰ দিশত মন দিব-

স্বাস্থ্যকৰ আহাৰ

জাংক ফুড আৰু কেলৰী মেদবহুলতাৰ আটাইতকৈ ডাঙৰ কাৰণ। গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমে আপোনাৰ আহাৰত পৰিৱৰ্তন কৰক। সদায়েই স্বাস্থ্যকৰ আৰু সন্তুলিত আহাৰ খাব।

ব্যায়াম

দৈনিক ব্যায়াম কৰাৰ ফলত শৰীৰৰ কেলৰী দাহ হয়। সেয়েহে প্ৰতিদিনে কমেও আধা ঘণ্টা শাৰিৰীক ব্যায়াম কৰাটো অতি প্ৰয়োজন। ব্যায়মৰ প্ৰতি আগ্ৰহী নহলে আপুনি পুৱা-গধুলি খোজ কাঢ়িব। 

আপোনাৰ দুৰ্বলতা চিনাক্ত কৰক

বহুসময়ত আমি দুখ বা চাপৰ সন্মুখীন হৈ অস্বাস্থ্যকৰ খাদ্য খাওঁ। সেয়েহে, আপুনি প্ৰথমে অস্বাস্থ্যকৰ খাদ্য খাবলৈ কিয় আগ্ৰহী সেয়া চিনাক্ত কৰক আৰু তাৰ পিছত ইয়াৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ চেষ্টা কৰক।

স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওঁক

মেদবহুলতাৰ চিকাৰ হ’লে আপুনি এজন স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।তেওঁ আপোনাক সঠিক আহাৰ আৰু ব্যায়ামৰ বাবে দিয়া পৰামৰ্শবোৰ মানি চলি আপোনাৰ স্বাস্থ্য উন্নত কৰিবলৈ চেষ্টা কৰিব।

এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ
এইসমূহ অভ্যাস কৰি হৃদযন্ত্ৰ সুৰক্ষিত কৰি ৰাখক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in