
ডিজিটেল ডেস্ক: কেৰালা উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ কেতবোৰ বিশেষ বিষয়ত নিদেৰ্শনা জাৰি কৰিছে।সেয়া হৈছে, অশ্লীল ছবি বা ভিডিঅ' চোৱাটো আইনৰ অধীনত অপৰাধ নহয়। কিয়নো এয়া এজন ব্যক্তিৰ ব্যক্তিগত পছন্দৰ বিষয়। ইয়াৰ লগতে আদালতে অভিভাৱকসকলক ছুইগি-জমাট’ৰ সলনি শিশুসকলক ঘৰত ৰন্ধা খাদ্য খুৱাবলৈ পৰামৰ্শ দিছে।
ন্যায়াধীশ পি ভি কুনহিকৃষ্ণনে ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰাৰ অধীনত এজন ৩৩ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে পঞ্জীয়ন কৰা অশ্লীলতাৰ গোচৰ বাতিল কৰি এই মন্তব্য কৰে। ২০১৬ চনত আৰক্ষীয়ে আলুভা প্ৰাসাদৰ কাষৰ পথত ম’বাইল ফোনত অশ্লীল ভিডিঅ' চাই থকা এজন লোকক আটক কৰিছিল। অভিযুক্ত ব্যক্তিজনে তেওঁৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ আৰু ইয়াৰ সৈতে সম্পৰ্কিত আদালতৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ দাখিল কৰা আবেদনৰ ওপৰতে ন্যায়ালয়ে এই ৰায় দিয়ে।
আদালতে কয় যে, ‘পৰ্ণগ্ৰাফী বহু শতাব্দী ধৰি প্ৰচলিত হৈ আহিছে আৰু নতুন ডিজিটেল যুগে ইয়াক শিশুসকলৰ উপভেগৰ বাবেও অধিক সুলভ কৰি তুলিছে। যদি এজন ব্যক্তিয়ে আন কাকো নেদেখুওৱাকৈ ব্যক্তিগত সময়ত অশ্লীল ভিডিঅ' চায়, তেন্তে এয়া অপৰাধ নেকি ? আদালতে এয়া অপৰাধ বুলি ঘোষণা কৰিব নোৱাৰে। এইটো তেওঁৰ ব্যক্তিগত পছন্দ।’
আদালতে আন এটা নিদেৰ্শত কয়, ‘ছুইগি, জমাট’ৰ পৰা অৰ্ডাৰ দিয়া খাদ্যৰ সলনি মাতৃয়ে ৰন্ধা সুস্বাদু খাদ্য সন্তানক খাবলৈ দিয়ক।শিশুসকলক তেওঁলোকৰ ভাল পোৱা মুক্ত সময়ত ক্ৰিকেট, ফুটবল বা অন্যান্য খেল খেলিবলৈ দিয়ক।’
ইফালে, ন্যায়াধীশে সঠিক তত্বাৱধান অবিহনে তেওঁলোকৰ নাবালক সন্তানক ম’বাইল ফোন দিয়াৰ সৈতে সম্পৰ্কিত সাম্ভাব্য বিপদ সম্পৰ্কে অভিভাৱকসকলৰ বাবে এক সতৰ্কবাণী টোকাও জাৰি কৰে।