পাৰ্লাৰ নালাগে, ঘৰতেই গুৰিৰ পৰা শক্তিশালী কৰক আপোনাৰ চুলি

সম্প্ৰতি অধিকাংশ লোককেই চুলি সৰা সমস্যাই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে।বিশেষকৈ মহিলাসকলক। ইয়াৰ পৰা সকাহ পাবলৈ বহুতেই বহু নামী-দামী সামগ্ৰী চুলিত ব্যৱহাৰ কৰে যদিও ইয়াৰ ফল লাভ নকৰে।কিয়নো বজাৰত উপলব্ধ সকলোবোৰ ৰাসায়নিক পদাৰ্থযুক্ত। যিয়ে চুলিৰ সমস্যা বৃদ্ধি কৰাতহে অৰিহনা যোগায়।

author-image
Asomiya Pratidin
New Update
পাৰ্লাৰ নালাগে, ঘৰতেই গুৰিৰ পৰা শক্তিশালী কৰক আপোনাৰ চুলি

ডিজিটেল ডেস্ক: সম্প্ৰতি অধিকাংশ লোককেই চুলি সৰা সমস্যাই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে।বিশেষকৈ মহিলাসকলক। ইয়াৰ পৰা সকাহ পাবলৈ বহুতেই বহু নামী-দামী সামগ্ৰী চুলিত ব্যৱহাৰ কৰে যদিও ইয়াৰ ফল লাভ নকৰে।কিয়নো বজাৰত উপলব্ধ সকলোবোৰ ৰাসায়নিক পদাৰ্থযুক্ত। যিয়ে চুলিৰ সমস্যা বৃদ্ধি কৰাতহে অৰিহনা যোগায়। কিন্তু ইয়াৰ বিপৰীতে আপুনি কেতবোৰ ঘৰুৱা উপায় অৱলম্বন কৰিয়েই চুলি সৰা সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।হয়, চুলি সৰা বন্ধ কৰিবলৈ আপুনি ঘৰতে বনোৱা কেইটামান হেয়াৰমাস্ক প্ৰয়োগ কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

আমলখিৰ হেয়াৰমাস্ক 

আমলখিত পোৱা পুষ্টিবোৰে চুলি সৰা সমস্যা দূৰ কৰাত সহায় কৰে। ইয়াৰ পৰা তৈয়াৰ কৰা হেয়াৰমাস্ক প্ৰয়োগ কৰি আপুনি চুলি সৰা সমস্যাৰ পৰাও সকাহ পাব পাৰে। 

এই হেয়াৰমাস্ক তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ- 

আমলখি পাউডাৰ - ২ টেবল চামুচ

ব্ৰাহ্মী পাউডাৰ - ২ টেবল চামুচ

নৰসিংহ পাত - ১০-১৫টা 

কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে এটা বাটিত আমলা পাউডাৰ ল'ব। 

. তাৰ পিছত এই পাউডাৰৰ সৈতে ব্ৰাহ্মী পাউডাৰ আৰু নৰসিংহ পাত মিহলি কৰিব। 

. সকলোবোৰ উপাদান ভালদৰে মিহলি কৰি এটা পেষ্ট বনাওঁক। 

. এই পেষ্টটো চুলিত ভালদৰে প্ৰয়োগ কৰিব। 

. ১ ঘণ্টাৰ পিছত ছেম্পুৰে চুলিখিনি ভালদৰে ধুই পেলাব। 

আভাকাডো হেয়াৰমাস্ক 

আভাকাডোত অমেগা ৩ ফেটি এচিড, ভিটামিন-বি, ভিটামিন-চি, আইৰণ থাকে। এই সকলোবোৰ পুষ্টিয়ে চুলি সৰা আৰু সেইবোৰ প্ৰতিহত কৰাত সহায় কৰে। 

এই হেয়াৰমাস্ক তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ-

আভাকাডো - ২ টা পকা 

জলফাই তেল - ১ চাহ চামুচ 

বাদাম তেল - ১ চাহ চামুচ 

কেনেদৰে ব্যৱহাৰ কৰিব ? 

. প্ৰথমে আভাকাডোখিনি গুৰি কৰি এটা পেষ্ট বনাই লওঁক। 

. ইয়াৰ পিছত পেষ্টটোত জলফাই তেল আৰু বাদাম তেল মিহলি কৰিব । 

. সকলোবোৰ উপাদান মিহলি কৰি এটা মসৃণ পেষ্ট বনাই ল’ব।

. পেষ্টটো চুলিৰ গুৰিত ভালদৰে প্ৰয়োগ কৰিব। 

. ইয়াক ২০-২৫ মিনিটৰ বাবে চুলিত প্ৰয়োগ কৰক। 

. নিৰ্ধাৰিত সময়ৰ পিছত চুলিখিনি ভালদৰে ধুই পেলাব।

দৈ-কণীৰ হেয়াৰমাস্ক 

কণীত থকা প্ৰ'টিনে চুলি শক্তিশালী আৰু ঘন কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও দৈত বহুতো লেক্টিক এচিড পোৱা যায়। যিয়ে চুলি পুনৰ গজাৰ উপৰিও মূৰৰ ছাল পৰিস্কাৰ কৰাত সহায় কৰে। 

এই হেয়াৰমাস্ক তৈয়াৰ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ-

কণী - ১টা

দৈ - ৪-৫ চাহ চামুচ

জলফাই তেল - ২ চাহ চামুচ 

কেনেদৰে ব্যৱহাৰ কৰিব ? 

. প্ৰথমে এটা বাটিত ৪-৫ চাহ চামুচ দৈ ল’ব। 

. তাৰ পিছত ইয়াত জলফাই তেল আৰু কণী মিহলি কৰিব। 

. সকলো উপাদান ভালদৰে মিহলি কৰি মূৰৰ ছালত ভালদৰে মালিচ কৰিব। 

. ২০-২৫ মিনিটৰ পিছত চুলিখিনি পৰিস্কাৰ পানীৰে ধুই পেলাব।

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি