চুলি সৰা সমস্যাক এতিয়া বিদায় দিয়ক

চুলি সৰাৰ পৰা সকাহ পাবলৈ আপুনি ঘৰতে কিছুমান প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
চুলি সৰা সমস্যাক এতিয়া বিদায় দিয়ক

ডিজিটেল ডেস্ক: প্ৰাচীন কালত মহিলাসকলে সৌন্দৰ্যচৰ্চাৰ বাবে ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিছিল।যাৰ ফলত তেওঁলোকে ছাল-চুলি সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহৈছিল। কিন্তু আজিকালি বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসে ছাল-চুলিত অতি বেয়া প্ৰভাৱ পেলাইছে, যাৰ ফলত খুব কম বয়সৰ পৰাই ছাল বেয়া হোৱা আৰু চুলি সৰা আৰম্ভ হয়। চুলি সৰাৰ পৰা সকাহ পাবলৈ আপুনি ঘৰতে কিছুমান প্ৰাকৃতিক বস্তু ব্যৱহাৰ কৰিব পাৰে। আজি সেই বিষয়ে জানো আহক-

Advertisment

মুলতানি মাটি 

চুলিৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি মুলতানি মাটি ব্যৱহাৰ কৰিব পাৰে। ইয়াত পোৱা পুষ্টিবোৰ চুলিৰ বাবে অতি উপকাৰী। চুলি পৰিষ্কাৰ কৰিবলৈ ৰাতি মুলতানি মাটি পানীত তিয়াই থওঁক আৰু ৰাতিপুৱা এটা পেষ্ট কৰি চুলিত প্ৰয়োগ কৰক।পেষ্টটো লগাই চুলিখিনিত পাতলকৈ মালিচ কৰক। ই মূৰৰ ছালত থকা লেতেৰা কৰাৰ লগতে চুলিত থকা অতিৰিক্ত তেল আঁতৰ কৰাত সহায় কৰে। 

জৱাব ফুল

চুলি পৰিষ্কাৰ কৰিবলৈ আপুনি জৱাব ফুল পিছি এটা মিশ্ৰণ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে। পুৰণি সময়তো চুলি পৰিস্কাৰ কৰাৰ বাবে ইয়াক অতি উপকাৰী বুলি গণ্য কৰা হৈছিল।জৱাব ফুলে চুলিৰ পৰা উফি দূৰ কৰাৰ লগতে সৰাৰ সমস্যাও আঁতৰ কৰে। ই চুলিকোছা কোমল কৰে।

বেচন

আপুনি আপোনাৰ চুলি বেছনৰেও ধুব পাৰে। বেছনত পোৱা পুষ্টিবোৰ চুলিৰ বাবেও যথেষ্ট উপকাৰী।পানীত বেছন মিহলি কৰি পেষ্ট এটা প্ৰস্তুত কৰি চুলি আৰু মূৰৰ ছালত প্ৰয়োগ কৰি অলপ সময় ৰাখি ধুই দিব। ই চুলিক প্ৰ'টিন যোগান ধৰাৰ লগতে চুলি চাফা কৰে।

দৈ

চুলি সৰা সমস্যা সমাধানৰ বাবে আপুনি চুলিত দৈ ব্যৱহাৰ কৰিব পাৰে।দৈয়ে চুলিক উফিৰ পৰা সুৰক্ষিত কৰাৰ লগতে চুলিখিনি নিমজ কৰে।সেয়ে দৈক প্ৰকৃতিক ‘কন্ডিছনাৰ’ বুলি কোৱা হয়।

নেমু

চুলিৰ স্বাস্থ্যৰ বাবে নেমু ৰস অতি গুৰুত্বপূৰ্ণ।নেমু ৰস আপুনি পোনপটীয়াকৈ ব্যৱহাৰ কৰাৰ লগতে ইয়াক আন পেষ্টৰ সৈতে মিহলি কৰিও চুলিত লগাব পাৰে।

Also Read: নাকত তিল থকাসকলৰ ভাগ্যৰ বিষয়ে জানি লওক

বেচন জৱাব ফুল মুলতানি মাটি চুলি সৰা