কিদৰে ব্যৱহাৰ কৰিব লাগে আখৰোটৰ বাকলি, জানি লওঁক

আখৰোট আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।আখৰোটৰ দৰে ইয়াৰ বাকলিবোৰো খুব দৰকাৰী।পিছে কিয় জানেনে ? এই বাকলি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰি আপুনি খুব উপকৃত হ'ব পাৰিব।

author-image
Asomiya Pratidin
New Update
কিদৰে ব্যৱহাৰ কৰিব লাগে আখৰোটৰ বাকলি, জানি লওঁক

ডিজিটেল ডেস্ক: আখৰোট আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।আখৰোটৰ দৰে ইয়াৰ বাকলিবোৰো খুব দৰকাৰী।পিছে কিয় জানেনে ? এই বাকলি সৌন্দৰ্য চৰ্চাত ব্যৱহাৰ কৰি আপুনি খুব উপকৃত হ'ব পাৰিব।হয়, আখৰোটৰ বাকলি পেলাই দিয়াৰ সলনি আপুনি ইয়াৰ পৰা স্প্ৰে আৰু পাউডাৰ তৈয়াৰ কৰি চুলিৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

আখৰোটৰ বাকলিত পোৱা উপাদানবোৰে চুলিৰ স্বাস্থ্য সুৰক্ষিত কৰে। ইয়াত জিংক, আইৰণ, কেলচিয়াম, মেংগানিজ আৰু ফছফৰাছ থাকে। ইয়াক ব্যৱহাৰ কৰি আপুনি মূৰৰ ছালৰ পি.এইচ. স্তৰ বাহাল ৰাখিব পাৰে।তদুপৰি, ই চুলি ফটা আৰু সৰা সমস্যাও হ্ৰাস কৰে।আখৰোটৰ বাকলি চুলিত প্ৰয়োগ কৰিলে ৰক্ত সঞ্চালন নিয়মীয়া হয়, যিয়ে ফলিকলবোৰ শক্তিশালী কৰে।

কেনেদৰে ব্যৱহাৰ কৰিব লাগে জানি লওঁক

পকা চুলিৰ বাবে

পকা চুলিৰ সমস্যা সমাধানৰ বাবে ৪-৫টা আখৰোটৰ বাকলি ২ কাপ পানীত দি ১০-১৫ মিনিটৰ বাবে উতলিবলৈ দিব।যেতিয়া পানীখিনিৰ ৰং সলনি হয়, তেতিয়া গেছটো বন্ধ কৰি ঠাণ্ডা হোৱাৰ পাছত পানীখিনি ফিল্টাৰ কৰিব।এই পানীখিনি এটা স্প্ৰে বটলত ভৰাই পকা চুলিত স্প্ৰে কৰিব।খুব সোনকালেই আপুনি সুফল লাভ কৰিব।

চুলি সৰা সমস্যাৰ বাবে

বতৰৰ পৰিৱৰ্তনৰ লগে লগে বহুতৰে চুলি সৰে। এই সমস্যাৰ পৰা সকাহ পাবলৈ ২ চাহ চামুচ আখৰোটৰ বাকলিৰ পৰা প্ৰস্তুত কৰা পাউডাৰত ১ চাহ চামুচ মৌ মিহলি কৰি ইয়াক চুলিৰ গুৰিত প্ৰয়োগ কৰিব। এই হেয়াৰমাস্কটো ১০ ৰ পৰা ১৫ মিনিটৰ বাবে প্ৰয়োগ কৰিলে ফলিকলৰ শক্তি বৃদ্ধি হয় আৰু চুলি সৰা সমস্যা হ্ৰাস হয়।

তেলেতীয়া চুলিৰ বাবে

গ্ৰীষ্মকালত চুলি গুৰি খুব সোনকালে তেলেতীয়া হৈ পৰে। ইয়াৰ পৰা সকাহ পাবলৈ আপুনি আখৰোটৰ বাকলিৰ পেষ্ট কৰি চুলিৰ গুৰি আধা ঘণ্টা মানৰ বাবে লগাই থ'ব।তাৰ পাছত পৰিস্কাৰ পানীৰে চুলিখিনি ধুই পেলাব।

Also Read: এইসমূহ ঘৰুৱা প্ৰতিকাৰৰে স্বাস্থ্যকৰ কৰি ৰাখক আপোনাৰ চুলি