/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-08/9ie0ooqi/WhatsApp-Image-2024-11-06-at-3.55.04-PM.jpeg)
fruit-peels-healthy-benefits
ডিজিটেল ডেস্ক: ফলৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ! সেয়েহে সকলোয়ে খাদ্য তালিকাত ফল অন্তৰ্ভূক্ত কৰে।পিছে আপুনি ফলৰ বাকলি গুচাই খাই নেকি? যদি এইদৰে বাকলি গুচাই আপুনি ফল খাই, তেন্তে আপুনি ফলৰ পৰা পাবলগীয়া পুষ্টিৰ পৰা বঞ্চিত হ’ব।হয়, ফলৰ বাকলিও আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী,বিশেষকৈ ৫ বিধ ফলৰ। এই ফল কেইবিধৰ বিষয়ে আজি জানো আহক-
আপেল
আপেলৰ বাকলিত আঁহ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। এই গুণবোৰে হৃদযন্ত্ৰ স্বাস্থ্যৱান আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে। আপেলৰ বাকলি খোৱাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়।তদুপৰি, আপেলৰ বাকলিত থকা ফ্লেভোনইডে হৃদৰোগৰ আশংকা হ্ৰাস কৰে, যিয়ে আপোনাক দীঘলীয়া সময়ৰ বাবে স্বাস্থ্যৱান কৰি ৰাখিব পাৰে।
নাচপতি
নাচপতি আঁহ সমৃদ্ধ। ইয়াৰ বাকলিও পুষ্টিৰ এক উৎকৃষ্ট উৎস। সেয়েহে, নাচপতি সদায় বাকলিৰ সৈতে খাব লাগে যাতে আপুনি আঁহ, প্ৰদাহ-প্ৰতিৰোধী আৰু ফাইটোনিউট্ৰিয়েণ্ট প্ৰাপ্ত কৰিব পাৰে।নাচপতিৰ বাকলি খোৱাৰ ফলত পাচন তন্ত্ৰও লাভান্বিত হয়, যাৰ ফলত কোষ্ঠকাঠিন্য আৰু অন্যান্য হজমৰ সমস্যা হ্ৰাস হয়।
কমলা
কমলাৰ বাকলিত ভিটামিন-চি আৰু ফ্লেভোনইড থাকে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে। কমলাৰ বাকলি খালে ছালখন ভিতৰৰ পৰা পৰিস্কাৰ হয় আৰু কোলাজেনৰ স্তৰ বৃদ্ধি কৰে। কমলা বাকলিৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো থাকে, যি শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।
চিকু
চিকু বাকলিৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰী গুণ আছে। ইয়াত যথেষ্ট পৰিমাণৰ ভিটামিন থাকে, যিসমূহ হজমৰ বাবে উপকাৰী। চিকু বাকলি হৈছে পটাছিয়াম, আইৰণ, ফোলেট আৰু পেণ্টোথেনিক এচিডৰ এক মুখ্য উৎস। ইয়াৰ নিয়মীয়া গ্ৰহণে শৰীৰত শক্তিৰ স্তৰ বৃদ্ধি কৰে।
কিৱি
কিৱি বাকলিত ভিটামিন-চি থাকে। অৱশ্যে, বহুলোকে ইয়াক বাকলি উলিয়াই খায় কিয়নো বাকলি খোৱাৰ ফলত ডিঙিত খজুৰি খজুৱতি অনুভৱ হ'ব পাৰে। কিন্তু স্বাস্থ্যৰ লাভালাভৰ বাবে কিৱি সদায় বাকলিৰ সৈতে খাব লাগে। কিৱি বাকলিত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যি পাচন তন্ত্ৰ স্বাস্থ্যৱান ৰাখে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে।
Also Read: বহু গুৰুতৰ ৰোগৰ ঔষধ আপোনাৰ ঘৰত থকা এইবিধ ফল