এই গুৰুতৰ সমস্যাৰ পৰা বাচি তথাৰ উপায়কেইটা জানি লওঁক

চুলি পকিল মানে আপুনি বৃদ্ধ হ'ল।এইয়া আগৰ দিনৰ কথা। আজিকালি খুব কম বয়সীয়া ল’ৰা-ছোৱালীৰে চুলি পকে।ফলত ভৰ যৌৱনতে তেওঁলোক দেখাত বৃদ্ধৰ দৰে হৈ পৰে।এই সমস্যাৰ আঁৰত বহু কাৰণ আছে।

author-image
Asomiya Pratidin
New Update
এই গুৰুতৰ সমস্যাৰ পৰা বাচি তথাৰ উপায়কেইটা জানি লওঁক

balding-issues

ডিজিটেল ডেস্ক: চুলি পকিল মানে আপুনি বৃদ্ধ হ'ল। পিছে এইয়া আগৰ দিনৰ কথা। আজিকালি খুব কম বয়সীয়া ল’ৰা-ছোৱালীৰে চুলি পকে। ফলত ভৰ যৌৱনতে তেওঁলোক দেখাত বৃদ্ধৰ দৰে হৈ পৰে। এই সমস্যাৰ আঁৰত অৱশ্যে বহু কাৰণ আছে।আজি ইয়াৰ মুখ্য কাৰণ তথা ইয়াক প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে জানো আহক-

Advertisment

আজিৰ যুৱক-যুৱতীসকলে নিজকে আধুনিক কৰাৰ নামত চুলিত ৰং, সঘনাই পোন কৰা আৰু অন্যান্য ষ্টাইলিং কৌশল ব্যৱহাৰ কৰে।যি হৈছে চুলি পকাৰ অন্যতম কাৰণ।ষ্টাইলৰ নামত চুলি এনে কৰাৰ ফলত চুলিৰ গুৰি দুৰ্বল হয়। হৰমনৰ ভাৰসাম্যহীনতা আৰু ঔষধ গ্ৰহণৰ ফলতো চুলি পকে।

চুলি পকাৰ কাৰণ-

১) নিৰন্তৰ চাপ আৰু মানসিক স্বাস্থ্যৰ সমস্যা চুলি সৰাৰ এক মুখ্য কাৰণ হ'ব পাৰে। চাপৰ ফলত শৰীৰত চাপ হৰমন কৰ্টিচোলৰ স্তৰ বৃদ্ধি হয়, যিয়ে চুলিৰ বিকাশক প্ৰভাৱিত কৰে।

২) হৰমনৰ ভাৰসাম্যহীনতা বিশেষকৈ থাইৰইডৰ সমস্যাৰ ফলতো চুলি সৰে।

৩) চুলি সৰাটো এক আনুবংশিক সমস্যা। যদি পৰিয়ালৰ কোনো লোক তপা হয়, তেতিয়া এই সমস্যাই পৰৱৰ্তী প্ৰজন্মকো প্ৰভাৱিত কৰিব পাৰে।

৪)  শৰীৰত ভিটামিন বি১২, আইৰণ, জিংক আৰু প্ৰ'টিনৰ অভাৱেও চুলিৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়। 

৫) চুলিত ৰং, চিধা কৰা তথা চুলিত অন্যান্য ৰাসায়নিক সামগ্ৰীৰ ঘনাই প্ৰয়োগৰ ফলতো  চুলি দুৰ্বল হৈ সৰিবলৈ আৰম্ভ কৰে।

৬) ধূমপান আৰু অত্যাধিক সুৰাপানেও চুলিৰ স্বাস্থ্যত বিৰুপ প্ৰভাৱ পেলায়। 

এই সমস্যাৰ পৰা সমাধান লাভৰ উপায়

জীৱনশৈলীৰ পৰিৱৰ্তন

বহু শাৰীৰিক সমস্যাৰ মূল কাৰণ হৈছে আমাৰ জীৱনশৈলী।বিশেষকৈ যুৱক-যুৱতীসকলে নিজকে সুস্থ ৰাখিবলৈ তেওঁলোকৰ জীৱনশৈলীত পৰিৱৰ্তন আনিবই লাগিব। এক সন্তুলিত আহাৰ, নিয়মীয়া ব্যায়াম আৰু চাপৰ পৰা নিজকে আঁতৰাই ৰাখি এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে। তদুপৰি, চুলি চিধা কৰা আৰু চুলিত ৰং কৰাৰ অভ্যাস নিয়ন্ত্ৰণ কৰাটোও গুৰুত্বপূৰ্ণ।

সন্তুলিত আহাৰ

চুলি সৰা সমস্যা পৰিহাৰ কৰিবলৈ এজন ব্যক্তিয়ে তেওঁৰ আহাৰত ভিটামিন, খনিজ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। সেউজীয়া শাক-পাচলি, ফল, বাদাম আৰু বীন চুলিৰ বাবে উপকাৰী।দৈনিক খাদ্য তালিকাত এক সন্তুলিত আহাৰ অন্তৰ্ভুক্ত কৰাৰ ফলত শৰীৰে পৰ্যাপ্ত ভিটামিন, খনিজ আৰু প্ৰ'টিন প্ৰাপ্ত কৰে। যিয়ে চুলিৰ গুৰি শক্তিশালী কৰে।

চাপ হ্ৰাস

যদি আপুনি ৩০ বছৰৰ আগতে চুলি সৰা এই সমস্যাৰ পৰা হাত সাৰিবলৈ বিচাৰে, তেনেহ'লে আপুনি চাপ নিয়ন্ত্ৰণ কৰিবলৈ দৈনিক ধ্যান, যোগ, ব্যায়াম কৰা আৰম্ভ কৰক।হয়, চাপ নিয়ন্ত্ৰণ কৰিও চুলি সৰাৰ সমস্যা হ্ৰাস কৰিব পাৰে।

সম্পূৰ্ণ টোপনি 

যুৱ সকলে তেওঁলোকৰ দৈনন্দিন জীৱনত নিয়মীয়া শাৰীৰিক সক্ৰিয়তা বজাই ৰাখি ভাল টোপনি প্ৰাপ্ত কৰি এক স্বাস্থ্যকৰ ৰুটিন অনুসৰণ কৰাত গুৰুত্ব দিব।ইয়াৰ দ্বাৰাও আপুনি চুলি সৰাৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।

চুলিৰ যত্ন 

চুলি সৰাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চুলিত ৰং কৰা আৰু চিধা কৰাৰ অভ্যাস হ্ৰাস কৰক।আনহাতে, সদায় প্ৰাকৃতিক সামগ্ৰী আৰু কম ৰাসায়নিক পদাৰ্থযুক্ত চেম্পু ব্যৱহাৰ কৰিব।

পানী খাব

শৰীৰত পানীৰ অভাৱ হ'লেও চুলি সৰে। সেয়েহে দৈনিক কমেও ৭-৮ গিলাচ পানী খাই শৰীৰটোক হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব।

চিকিৎসকৰ পৰামৰ্শ 

যদি চুলি সৰাৰ সমস্যা গুৰুতৰ হয়, চৰ্মৰোগ বিশেষজ্ঞ বা ত্ৰিকোলজিষ্টৰ পৰামৰ্শ লওঁক। তেওঁলোকে সঠিক পৰীক্ষা কৰি সমস্যাটো সমাধান কৰিব পাৰে।আইৰণ, ভিটামিন ডি, আৰু বায়'টিনৰ দৰে পৰিপূৰকে চুলিৰ স্বাস্থ্য উন্নত কৰিব পাৰে, কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে এইসমূহ গ্ৰহণ নকৰিব।

দৈনিক চুলি ধোৱা

চুলিত নিয়মীয়াকৈ তেল প্ৰয়োগ কৰি পাছত পৰিস্কাৰ পানীৰে ভালদৰে ধুই পেলাব। ধূমপান আৰু সুৰা সেৱন নকৰিব। 

Also Read: ৰাতিপুৱাৰ পৰা ৰাতিলৈ এইদৰে লওঁক খাদ্যৰ যতন