এতিয়াৰে পৰা ভক্তসকলে উপভোগ কৰিব পাৰিব পানীত তলত থকা দ্বাৰকাধীশ চহৰৰ সৌন্দৰ্য

পৰ্যটনৰ ক্ষেত্ৰখনত আমাৰ দেশে দিনক দিনকে কিমান সফলতা লাভ গৈছে, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।ইয়াৰ প্ৰমাণ আমি নিজ চকুৰে দেখা পাইছো।শেহতীয়াকৈ সাগৰৰ তলতো পৰ্যটনৰ এক বিশেষ স্থান নিৰ্মাণ কৰিছে ভাৰত চৰকাৰে। হয়, ভগৱান কৃষ্ণৰ পানীত ডুব গৈ থকা চহৰখন এতিয়া সকলো ভক্তই দৰ্শন কৰিব পাৰিব।ইয়াৰ বাবে বিশেষ ছাবমেৰিন প্ৰকল্প প্ৰস্তুত কৰা হৈছে। ইয়াৰ সহায়ত ভক্তসকলে এতিয়া সাগৰৰ ৩০০ ফুট তললৈ গৈ শ্ৰী কৃষ্ণৰ এই চহৰখন প্ৰতক্ষ্য কৰিব পাৰিব।

author-image
Asomiya Pratidin
New Update
এতিয়াৰে পৰা ভক্তসকলে উপভোগ কৰিব পাৰিব পানীত তলত থকা দ্বাৰকাধীশ চহৰৰ সৌন্দৰ্য

ডিজিটেল ডেস্ক: পৰ্যটনৰ ক্ষেত্ৰখনত আমাৰ দেশে দিনক দিনকে কিমান সফলতা লাভ গৈছে, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।ইয়াৰ প্ৰমাণ আমি নিজ চকুৰে দেখা পাইছো।শেহতীয়াকৈ সাগৰৰ তলতো পৰ্যটনৰ এক বিশেষ স্থান নিৰ্মাণ কৰিছে ভাৰত চৰকাৰে। হয়, ভগৱান কৃষ্ণৰ পানীত ডুব গৈ থকা চহৰখন এতিয়া সকলো ভক্তই দৰ্শন কৰিব পাৰিব।ইয়াৰ বাবে বিশেষ ছাবমেৰিন প্ৰকল্প প্ৰস্তুত কৰা হৈছে। ইয়াৰ সহায়ত ভক্তসকলে এতিয়া সাগৰৰ ৩০০ ফুট তললৈ গৈ শ্ৰী কৃষ্ণৰ এই চহৰখন প্ৰতক্ষ্য কৰিব পাৰিব।

Advertisment

ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কাম পূৰ্ণ গতিত চলি আছে আৰু ইয়াৰ সেৱাসমূহ এই বছৰ দেৱালীৰ সময়ত আৰম্ভ হ'ব। অৱশ্যে, এতিয়ালৈকে ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ৰাজ্য চৰকাৰে চৰকাৰী কোম্পানী 'ডক শিপইয়ৰ্ড'ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ লগতে দ্বাৰকাত আৰৱ সাগৰত এখন কেবল দলং নিৰ্মাণ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, ছাবমেৰিনৰ পৰা ইয়াৰ ভ্ৰমণ প্ৰায় আঢ়ৈ ঘণ্টা হ'ব। একে সময়তে ৩০ জন লোকে এই ছাবমেৰিনত বহি পানীৰ তললৈ যাব পাৰিব। প্ৰতিখন আসনত খিৰিকী থাকিব। অৰ্থাৎ, আসনবোৰ এটা শাৰীতে থাকিব, যাতে মানুহে সহজে সামুদ্ৰিক পৰিৱেশ উপভোগ কৰিব পাৰে। 

আনহাতে, জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰতিজন যাত্ৰীক অক্সিজেন মাস্ক, ফেচ মাস্ক, স্কুবা পোছাক দিয়া হ'ব। একে সময়তে, ছাবমেৰিনত ভিডিঅ' কনফাৰেন্সিংৰ দৰে সুবিধাও উপলব্ধ হ'ব। যাৰ দ্বাৰা আপুনি ছাবমেৰিনত বহি সকলো ধৰণৰ কাৰ্যকলাপ চাব পাৰিব, লগতে ইয়াক স্ক্ৰীণত ৰেকৰ্ডো কৰিব পাৰিব। 

Also Read: জীৱনত এবাৰ হ’লেও ভ্ৰমণ কৰক এই বিশেষ মন্দিৰটো