‘বিগ বছ’ত অংশ লোৱাৰ পাছতেই চন্দ্ৰিকা দীক্ষিতৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ

‘বিগ বছ’ত অংশ লোৱাৰ পাছতেই চন্দ্ৰিকা দীক্ষিতৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ
Published on
Updated on

ডিজিটেল ডেস্ক: বহুচৰ্চিত 'বিগ বছ অ'টিটিৰ ছিজন ৩'ত প্ৰতিযোগী হিচাপে দেখা গৈছে বিখ্যাত 'বড়া পাও গাৰ্ল' চন্দ্ৰিকা দীক্ষিতক।দিল্লীৰ পদপথত বড়া পাও বিক্ৰী কৰি খুব কম দিনতে চৰ্চিত হৈ পৰিছিল চন্দ্ৰিকা।ব্যতিক্ৰমী কৰ্মৰ বাবে অভাৱনীয় জনপ্ৰিয়তা লাভ কৰিলেও বিপদে লগ এৰা নাই চন্দ্ৰিকাক। তেওঁৰ বিৰুদ্ধে অভিযোগ লৈ এজন ব্যক্তি এতিয়া আৰক্ষীৰ কাষ চাপিছে।

হয়, এই খবৰ ছ'চিয়েল মেডিয়াৰ জৰিয়তেই পোহৰলৈ আহিছে। প্ৰকৃততে, 'দ্য খবৰী'ৰ  'অ'ফিচিয়েল পেজ'ত এই বিষয়ে টুইট কৰা হৈছে। টুইটটোত লেখা হৈছে যে, ফৈজান আনছাৰী নামৰ এজন ব্যক্তিয়ে চন্দ্ৰিকাই বিক্ৰী কৰা খাদ্য নিম্ন মানদণ্ডৰ বুলি অভিযোগ কৰি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে আৰু দাবী কৰিছে যে চন্দ্ৰিকাই প্ৰস্তুত কৰা বড়া পাও খাই তেওঁ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়াও হৈছে।' 

এক প্ৰতিবেদন অনুসৰি, চন্দ্ৰিকাই বড়া পাও বিক্ৰী কৰি দৈনিক ৪০ হাজাৰ টকা উপাৰ্জন কৰে। উল্লেখ্য যে, চন্দ্ৰিকাই স্বামী আৰু সন্তানৰ বাবে কৰি থকা চাকৰিটো বাদ দি পদপথত বড়া পাও বিক্ৰী কৰিবলৈ লৈছিল। চন্দ্ৰিকা দীক্ষিতে হালদিৰামৰ কোম্পানীত চাকৰি কৰিছিল আৰু স্বামীয়ে ৰেপিড'ত কৰ্মৰত। দিন ইমানেই বেয়া আছিল যে, এবাৰ পুত্ৰৰ অসুখত ঔষধ ক্ৰয় কৰিবলৈ তেওঁলোকৰ ধন নাছিল। যাৰ বাবে নিজে কিবা এটা কৰাৰ পণ কৰি পদপথত চন্দ্ৰিকাই এই দোকানখন দিছিল।

‘বিগ বছ’ত অংশ লোৱাৰ পাছতেই চন্দ্ৰিকা দীক্ষিতৰ বিৰুদ্ধে দাখিল হ’ল এজাহাৰ
বিয়াৰ নিমন্ত্ৰণী পৰ্ব আৰম্ভ কৰিলে আম্বানী পৰিয়ালে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in