অৱশেষত শৈশৱৰ প্ৰেমে পালে নতুন পৰিচয়

অৱশেষত শৈশৱৰ প্ৰেমে পালে নতুন পৰিচয়

ডিজিটেল ডেস্ক: যো-জা চলিছিল পুত্ৰ-কন্যাৰ বিয়াৰ।কিন্তু বিয়াখন হ'লগৈ কইনা-দৰাৰ পিতৃ-মাতৃৰ। সন্তানৰ বিয়াৰ পূৰ্বে অভিভাৱকৰ এই কাণ্ড এই সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰকৃততে, বিয়াৰ আগতে দৰাৰ পিতৃয়ে কইনাৰ মাতৃক পলুৱাই নি বিয়া পাতে। এই আজৱ ঘটনাটো ঘটিছে গুজৰাটৰ ছুৰাটত। ছুৰাটৰ কাটাৰ্গম অঞ্চলৰ বাসিন্দা হিম্মত পেটেল(৪৩)ৰ পুত্ৰ আৰু ভেজলপুৰৰ বাসিন্দা শোভানা ৰাৱাল(৪২)ৰ কন্যাৰ বিয়াৰ দিন সামাজিভাৱে ঠিক কৰা হৈছিল।কিন্তু বিয়ালৈ মাত্ৰ কেইদিনমান থাকোতেই হিম্মত পেটেল আৰু শোভনা ৰাৱল ঘৰৰ পৰা নোহোৱা হয়। বহু বিচাৰ-খোচাৰ কৰা হৈছে যদিও বৰ্তমানো তেওঁলোক দুয়ো সন্ধানহীন হৈ আছে।

স্থানীায় ৰাইজে এই সন্দৰ্ভত জনোৱা মতে, হিম্মত আৰু শোভনাই শৈশৱৰ পৰাই ইজনে সিজনৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল।পূৰ্বতে তেওঁলোক দুয়ো একেটা কমপ্ৰেক্সতে আছিল যদিও পৰৱৰ্তী সময়ত শোভনাৰ পৰিয়াল ভেজলুপৰত থাকিবলৈ লয়।তেওঁলোকৰ সম্পৰ্ক চিৰযুগমীয়া কৰি ৰাখিবলৈকে হেনো তেওঁলোকৰ সন্তানৰ মাজত বিয়া পতাৰ সিন্ধান্ত লৈছিল।কিন্তু অভিভাৱক হৈ তেওঁলোকে এই কৰ্ম কৰাত এতিয়া দুয়োৰে পৰিয়ালে তেওঁলোকৰ সন্তানৰ মাজত বিবাহ নকৰোৱাৰ সিন্ধান্ত গ্ৰহণ কৰিছে।

ইফালে, আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি দুয়োজনকে বিচাৰি আছে যদিও বৰ্তমানলৈ ধৰাত পৰা নাই। অৱশ্যে, পলাই যোৱাৰ পিছত দুয়ো উজ্জয়িনীৰ মহাকালেশ্বৰ মন্দিৰলৈ গৈছিল বুলি আৰক্ষীয়ে পৰিয়ালৰ লোকক জানিবলৈ দিছে।

অৱশেষত শৈশৱৰ প্ৰেমে পালে নতুন পৰিচয়
একেবাৰেই সহজ হৈ পৰিছে বিবাহ-বিচ্ছেদ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in