জীৱনৰ শিক্ষা দিবলৈ পিতৃয়ে বাছি ল’লে ব্যতিক্ৰমী পন্থা

এক অগতানুগতিক জন্মদিনৰ উপহাৰ।সেয়াও পিতৃয়ে দিছে তেওঁৰ অত্যন্ত মৰমৰ কন্যাক।হয়, লেতেৰা পানীৰে ভৰা এটা পানীৰ বটল জন্মদিনৰ উপহাৰ হিচাপে এজন পিতৃয়ে দিলে তেওঁঁৰ মৰমৰ কন্যাক।কিন্তু সেই বিশেষ পিতৃজনে কি উদ্দেশ্যৰে কন্যাক এই উপহাৰ দিলে জানেনে ?

author-image
Asomiya Pratidin
New Update
জীৱনৰ শিক্ষা দিবলৈ পিতৃয়ে বাছি ল’লে ব্যতিক্ৰমী পন্থা

ডিজিটেল ডেস্ক: এক অগতানুগতিক জন্মদিনৰ উপহাৰ।সেয়াও পিতৃয়ে দিছে তেওঁৰ অত্যন্ত মৰমৰ কন্যাক।হয়, লেতেৰা পানীৰে ভৰা এটা পানীৰ বটল জন্মদিনৰ উপহাৰ হিচাপে এজন পিতৃয়ে দিলে তেওঁঁৰ মৰমৰ কন্যাক।কিন্তু সেই বিশেষ পিতৃজনে কি উদ্দেশ্যৰে কন্যাক এই উপহাৰ দিলে জানেনে ?

প্ৰকৃততে, পেট্ৰিচিয়া মৌ নামৰ এগৰাকী যুৱতীয়ে ছ'চিয়েল মেডিয়াত এটা প'ষ্ট কৰি কয় যে তেওঁক তেওঁৰ পিতৃয়ে এইবাৰ জন্মদিনত দিয়ে লেতেৰা পানীৰে ভৰ্তি এটা বটল।এই উপহাৰৰ আঁৰৰ কাহিনীও অৱশ্যে যুৱতীগৰাকীয়ে প'ষ্টটোৰ জৰিয়তে সকলোকে জানিবলৈ দিছে।আচলতে জীৱন সন্দৰ্ভত এক শিক্ষা দিবলৈহে পিতৃয়ে যুৱতীগৰাকীক এই উপহাৰ দিছে।

ছ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা প'ষ্টটোত পেট্ৰিচিয়াই তেওঁৰ পিতৃ আৰু লেতেৰা পানী বটলটোৰ ফটো শ্বেয়াৰ কৰিছে।এই লেতেৰা পানীৰ বটলটো উপহাৰ হিচাপে লাভ কৰি  পেট্ৰিচিয়াই খুব সোনকালেই উপলব্ধি কৰিছিল যে, ইয়াৰ এই উপহাৰটোৰ আৱেগিক গুৰুত্বত আছে। তেওঁ লগতে উল্লেখ কৰে, 'আগতেও মোক দেউতাই প্ৰাথমিক চিকিৎসাৰ কিট, স্প্ৰে, ছাবি ৰিং, তেওঁ মোৰ বাবে লেখা এখন কিতাপ আদিকে ধৰি বহু অসাধাৰণ উপহাৰ দিছে।দেউতাৰ উপহাৰ সদায়েই ব্যতিক্ৰম।এই বছৰো তেওঁ মোক কৈছিল যে মোৰ জন্মদিনৰ উপহাৰ বিশেষ হ’ব।তেওঁ কোৱাৰ দৰেই বিশেষ আছিল মই এইবাৰ জন্মদিনত তেওঁৰ পৰা লাভ কৰা উপহাৰটো, যিয়ে মোক মূল্যৱান পাঠ শিকালে।’

পৰৱৰ্তী কেইটামান শাৰীত পিতৃয়ে তেওঁক দিয়া এই উপহাৰৰ উদ্দেশ্য কি, সেয়াও যুৱতীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, ‘যেতিয়া আপুনি বিচলিত হয়, পানীৰ লেতেৰা বটলটো জীৱনৰ প্ৰতীক হৈ পৰে।সেই সময়ত সকলোবোৰ লেতেৰা যেন লাগে। কিন্তু যেতিয়া মন স্থিৰ হয়, লেতেৰাবোৰে কেৱল বটলৰ দহ শতাংশতকৈও কম প্ৰতিনিধিত্ব কৰে।সেয়েহে, জীৱনটোত দৃষ্টিভংগী সঠিক হোৱাটোয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ।দেউতাই মোক কৈছিল যে এই বছৰৰ উপহাৰটো অমূল্য আছিল, কিয়নো ইয়াক টকাৰে ক্ৰয় কৰিব পৰা বিধৰ নহয়। সেই সপ্তাহতে মই সাগৰৰ পাৰলৈ গৈছিলো আৰু পানীখিনি সাগৰত পেলাই দিছিলো।মই বুজি উঠিলো যে, আমি জীৱনৰ বিশাল সাগৰত এটা মাথো নগণ্য টোপাল নহয়, আমি নিজেই এটা টোপালত বন্দী হোৱা সাগৰ।

Also Read: ৭৭ বছৰীয়া ব্যক্তিৰ পত্নী প্ৰেমে হৃদয় জিনিছে বিশ্ববাসীৰ