৭৭ বছৰীয়া ব্যক্তিৰ পত্নী প্ৰেমে হৃদয় জিনিছে বিশ্ববাসীৰ

৭৭ বছৰীয়া ব্যক্তিৰ পত্নী প্ৰেমে হৃদয় জিনিছে বিশ্ববাসীৰ

ডিজিটেল ডেস্ক: স্বামী-স্ত্ৰীৰ প্ৰেম অমৰ।এই প্ৰেম তুলনাহীন।তাকেই যেন পুনৰ প্ৰমাণ কৰিলে ৭৭ বছৰীয়া এজন বিশেষ ব্যক্তিয়ে। কলোৰাডোৰ মণ্ট্ৰোজৰ ৱাল্ডেমাৰ টি নামৰ এজন ব্যক্তিয়ে লটাৰীত পোৱা ৪২ কোটি টকা ক'ত খৰচ কৰে জানেনে ? এই টকা তেওঁ প্ৰথম খৰচ কৰে পত্নীক উপহাৰ দিয়াৰ নামত।হয়, অবিশ্বাস্য যেন লাগিলেও এয়া সঁচা।এই ব্যক্তিজনে এই টকাৰে প্ৰথমে পত্নীলৈ উপহাৰ হিচাপে পত্নীৰ প্ৰিয় তৰমুজ আৰু ফুল ক্ৰয় কৰে।

ৱাল্ডেমাৰ টিয়ে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত এখন লটাৰী খেলত প্ৰথম পুৰস্কাৰ হিচাপে এই টকা লাভ কৰে।তেওঁ ইয়াৰে প্ৰথমে তেওঁ পত্নীলৈ পত্নীৰ প্ৰিয় তৰমুজ আৰু ফুল ক্ৰয় কৰে। তদুপৰি তেওঁ ২১ কোটি টকা ৰোগীয়া পত্নীৰ অস্ত্ৰোপচাৰৰ বাবে জমা ৰাখে।ৱাল্ডেমাৰে কিছু টকা দাতব্য সংস্থাৰ নামত দান কৰাৰো ইচ্ছা প্ৰকাশ কৰে।

ৱাল্ডেমাৰে ৭৭ বছৰ বয়সতো সক্ৰিয় জীৱনশৈলী উপভোগ কৰি ভাল পায় আৰু তেওঁ পত্নীকো সকলো সময়তে সক্ৰিয় কৰি ৰাখিবলৈ চেষ্টা কৰে। যাৰ বাবে তেওঁ ছয় মাহ কলোৰাডো আৰু ছয় মাহ এৰিজোনাত কটাবলৈ সিদ্ধান্ত লয়।

এই সমগ্ৰ বিষয়টো ৰাজহুৱা হোৱাৰ পাছত ছ'চিয়েল মেডিয়াত ৱাল্ডেমাৰ টিক বিশ্ববাসীয়ে প্ৰশংসাৰে উপচাই পেলাইছে।পত্নী তথা সমাজৰ প্ৰতি থকা তেওঁৰ দয়বদ্ধতাক সকলোয়ে একেমুখে শলাগো লৈছে।

ৱাল্ডেমাৰ টিৰ লটাৰী জয়ৰ এই হৃদয়স্পৰ্শী কাহিনীটোৱে এই বছৰৰ আৰম্ভণিতে ভাৰতৰ আন এক উল্লেখযোগ্য কাহিনীৰ কথা মনত পেলাই দিছে। য'ত মহন্ত দ্বাৰকা দাস নামৰ এজন ৮৮ বছৰীয়া ব্যক্তিয়ে ৩৫ বছৰতকৈও অধিক সময় টিকট ক্ৰয় কৰাৰ পিছত ৫ কোটি টকাৰ লটাৰী জিকিছিল। এই ঘটনাই বহুতৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সেই সময়ত ভাৰতৰ এক বহুচৰ্চিত ঘটনা হিচাপে বিবেচিত হৈছিল।

৭৭ বছৰীয়া ব্যক্তিৰ পত্নী প্ৰেমে হৃদয় জিনিছে বিশ্ববাসীৰ
সিদ্ধাৰ্থৰ দৰে জীৱন সংগী লাভ কৰাটো মোৰ বাবে সৌভাগ্য : কিয়াৰা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in