/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/558f6357-d715-4327-9ebc-783c443931fd/AP_FOR_WEB_________.jpg)
ডিজিটেল ডেস্ক: মৃত্যু কেতিয়া, কেনেকৈ আহে কোনেও নাজানে।প্ৰৱল আত্মবিশ্বাসৰে সদায় কৰি থকা কামেটোয়েই যে এদিন কাল হৈ পৰিব, সেয়া হয়তো কেতিয়াও ভবা নাছিল বিশ্ববিখ্যাত ষ্টান্টমেন ৰেমি লুচিডীয়ে।হয়, সমগ্ৰ বিশ্বৰে আকাশচুম্বী অট্টালিকাত কৌশল প্ৰদৰ্শন কৰা বিখ্যাত ষ্টান্টমেন ৰেমি লুচিডীয়ে হংকঙত ৬৮ মহলাৰ পৰা পৰি মৃত্যুবৰণ কৰে।লুচিডীয়ে মৃত্যুৰ প্ৰায় এঘণ্টা আগতে ছ'চিয়েল মিডিয়াত সেই ষ্টান্টটো কৰিব বুলি অনুৰাগীক জানিবলৈ দিছিল।
প্ৰকৃততে, লুচিডী ট্ৰাগুণ্টাৰ টাৱাৰত ষ্টাণ্ট প্ৰদৰ্শন কৰিবলৈ টাৱাৰটোৰ চৌহদৰ ভিতৰলৈ গৈছিল। টাৱাৰত উঠি তেওঁ ওপৰৰ মহলাৰ পেন্টহাউচৰ বাহিৰত আৱদ্ধ হৈ পৰিছিল।যাৰ বাবে তেওঁ আতংকিত হৈ তাৰে এখন খিৰিকিত খুন্দা মাৰিছিল।খিৰিকিত শব্দ হোৱাত তাত কাম কৰা মহিলাগৰাকী চক খাই উঠিছিল।মহিলাগৰাকীৰ অদ্ভুট আচৰণত লুচিডীয়ে ভয় খাই গৈছিল আৰু তেওঁৰ ভৰি পিছলিবলৈ আৰম্ভ কৰিছিল আৰু অৱশেষত ৬৮ মহলাৰ পৰা পৰি তেওঁৰ মৃত্যু হৈছিল।
মিছা কথা কৈ টাৱাৰৰ ভিতৰলৈ গৈছিল লুচিডী
হংকঙৰ সেই টাৱাৰটোৰ বিষয়াসকলে জানিবলৈ দিয়া মতে, লুচিডীয়ে ভৱনৰ নিৰাপত্তাৰক্ষীক মিছা কথা কৈ সন্ধিয়া প্ৰায় ৬ বজাত ভিতৰলৈ গৈছিল। তেওঁ গেটৰ নিৰাপত্তাৰক্ষীজনক কৈছিল যে তেওঁ ভৱনটোৰ ভিতৰত এজন বন্ধুক লগ কৰিবলৈ গৈ আছে।নিৰাপত্তাৰক্ষীয়ে তেওঁক যাবলৈ বাধা দিবলৈ চেষ্টা কৰিছিল যদিও তেওঁ লিফ্টত সোমাই গৈছিল। চিচিটিভি ফুটেজত লুচিডীক ৪৯ মহলালৈ অহা আৰু পিছত চিৰিৰে ভৱনটোৰ শীৰ্ষলৈ বগাই যোৱা দেখা গৈছে।
Also Read: ইনষ্টাগ্ৰাম ৰীলৰ আসক্তিৰ বাবেই মমতাহীন হৈ পৰিল মাতৃ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us