ডিজিটেল ডেস্ক: শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোয়ে ফালুদা কুলফিৰ প্ৰতি দুৰ্বল। ফালুদাৰ সৈতে খালেহে কুলফি খোৱাৰ মজা ল’ব পাৰি। বেছিভাগ লোকেই বজাৰৰ পৰা কিনিয়েই ফালুদা কুলফি খায়, কিয়নো ঘৰত ফালুদা বনোৱাটো কিছু কঠিন।কিন্তু বিশেষ ধৰণৰে ঘৰতে বনাই আপুনি ফালুদা কুলফিৰ সোৱাদ ল’ব পাৰে।ঘৰত কিদৰে ফালুদা কুলফি তৈয়াৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-
ফালুদা বনাবলৈ লাগতিয়াল সামগ্ৰীসমূহ
কৰ্ণ ফ্ল’ৰ- ৪০০ গ্ৰাম
হালধীয়া ৰং- ২-৩টোপাল
ফালুদা বনোৱাৰ পদ্ধতি
১) ফালুদা তৈয়াৰ কৰিবলৈ প্ৰথমে এটা পেনত পানী, কৰ্ণফ্ল’ৰ আৰু হালধীয়া ৰং দি ভালদৰে মিহলি কৰি ল’ব।
২) এই সকলোবোৰ ভালদৰে মিহলি কৰি মজলীয়া জুইত ৰান্ধিব।
৩) যেতিয়া মিশ্ৰণটো ডাঠ হয়, তেতিয়া গেছটো বন্ধ কৰি দিব আৰু মিশ্ৰণটো ফালুদা প্ৰেছত ৰাখিব।
৪) ইয়াৰ পাছত ঠাণ্ডা পানীৰে ভৰ্তি পাত্ৰ এটাৰ ওপৰত প্ৰেছটো অলপ সময় ৰাখিব আৰু গাঢ় নোহোৱাকৈ ফালুদা বনাব।
৫) তাৰ পিছত সকলোখিনি ফ্ৰীজত ৰাখিব।
কুলফি বনাবলৈ লাগতিয়াল সামগ্ৰীসমূহ-
গাখীৰ -৫০০ মি.লি
চেনী - ১০০ গ্ৰাম
ঘিউ-২ চামুচ
ইলাচি গুৰি - ১ চাহ চামুচ
পিস্তা -২০ গ্ৰাম (বাকলি নথকা)
কাজু - ২০ গ্ৰাম (কটা)
কেশৰ - ১চিকুট
হালধীয়া ৰং - ২ টোপাল
কুলফি বনোৱাৰ পদ্ধতি
১) প্ৰথমে এক চামুচ পানীত কেশৰখিনি মিলাই ল’ব।এটা পেনত ঘিউ গৰম কৰক আৰু ইয়াত গাখীৰ আৰু হালধীয়া ৰং দিব।
২) গাখীৰখিনি মজলীয়া জুইত দি একেৰাহে লৰাই থাকিব। যেতিয়া গাখীৰ ১/৪ হয়, ইয়াত চেনী মিহলি কৰিব।
৩) চেনী দ্ৰৱীভূত হোৱাৰ পিছত বাকী সামগ্ৰীবোৰ মিহলি কৰি পাত্ৰটো জুইৰ পৰা নমাই থ’ব।
৪) যেতিয়া গাখীৰ ঠাণ্ডা হয়, ইয়াক কুলফি সাজত ভৰাই ২-৩ ঘণ্টাৰ বাবে ফ্ৰীজত ৰাখিব।
৫) নিৰ্ধাৰিত সময়ৰ পাছত কুলফি ফ্ৰীজৰ পৰা উলিয়াই সাজটো কিছু সময়ৰ বাবে গৰম পানীত ডুবাই দিব।
৬) এতিয়া প্লেটত কুলফি উলিয়াই ফালুদাৰ সৈতে পৰিৱেশন কৰিব।
Also Read: গ্ৰিল কৰিও খাব পাৰি আনাৰস, কিদৰে প্ৰস্তুত কৰিব লাগে জানি লওঁক