গৰমত এইদৰে লওঁক আপোনাৰ চকুৰ যত্ন

গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ লগে লগে মানুহে বিভিন্ন প্ৰকাৰৰ স্বাস্থ্য সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই দিনকেইটাত তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে বহুলোকৰ ছাল নিষ্প্ৰাণ হৈ পৰে। যাৰ বাবে বহুলোকৰ চকুত জ্বলা-পোৰা হ'বলৈ আৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
গৰমত এইদৰে লওঁক আপোনাৰ চকুৰ যত্ন

গৰমত এইদৰে লওঁক আপোনাৰ চকুৰ যত্ন

ডিজিটেল ডেস্ক: গ্ৰীষ্ম কাল আৰম্ভ হোৱাৰ লগে লগে মানুহে বিভিন্ন প্ৰকাৰৰ স্বাস্থ্য সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এই দিনকেইটাত তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে বহুলোকৰ ছাল নিষ্প্ৰাণ হৈ পৰে। যাৰ বাবে বহুলোকৰ চকুত জ্বলা-পোৰা হ'বলৈ আৰম্ভ কৰে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, গ্ৰীষ্মকালত উচ্চ তাপমাত্ৰাৰ বাবে চকুৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা আপুনি চকুৰ গুৰুতৰ সমস্যাৰ সৈতে যুঁজ দিবলগীয়াত পৰিব পাৰে। গ্ৰীষ্মকালত কিদৰে আপুনি চকু দুটাক সুৰক্ষিত কৰি ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

Advertisment

দুপৰীয়া ৰ'দলৈ নোলাব

দুপৰীয়া সময়ত সূৰ্যৰ পৰা ওলোৱা ইউভি ৰশ্মিয়ে আপোনাৰ চকুৰ ক্ষতি কৰিব পাৰে। গতিকে খুব দৰকাৰী নহ'লে গৰমৰ দিনত ৰ'দত ঘৰৰ বাহিৰলৈ যোৱাটো পৰিহাৰ কৰিব।

ছানগ্লাছ ব্যৱহাৰ কৰক

যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ ওলাই, ছানগ্লাছ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। কিয়নো তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে আপোনাৰ ছাল প্ৰাণহীন হ'ব পাৰে। দ্বিতীয়তে, ইয়াৰ ফলত আপোনাৰ চকুত জ্বলা-পোৰা আৰু বিষৰ সমস্যা বৃদ্ধি হ'ব পাৰে।এইদিনকেইটাত আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম পুৱা ১০ বজাৰ আগতে আৰু সন্ধিয়া ৫ বজাৰ পিছত কৰিবলৈ চেষ্টা কৰিব।সূৰ্যৰ তীব্ৰ পোহৰৰ ফলত বিভিন্ন চকুৰ সমস্যা হ'ব পাৰে। ছানগ্লাছ ব্যৱহাৰ কৰি আপুনি সূৰ্যৰ পোহৰৰ পাৰ্শ্বক্ৰিয়াৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে।

হাইড্ৰেটেড হৈ থাকক

গ্ৰীষ্মকালত যথেষ্ট পৰিমাণে পানী খাব।সঘনাই পানী খাই আপুনি এই দিনকেইটাত ডিহাইড্ৰেচনৰ পৰা নিজকে বচাই ৰাখিব পাৰে। দ্বিতীয়তে, পানী বেছিকৈ খালে চকুজুৰিও ক্ষতিগ্ৰস্ত নহ'ব। ডিহাইড্ৰেচনৰ ফলত চকুপানী উৎপন্ন কৰাটো চকুৰ বাবে কঠিন হৈ পৰে। যাৰ ফলত চকু শুকান হৈ সমস্যা বৃদ্ধি হৈ পৰে। ছাল আৰু চকু দুয়োটা স্বাস্থ্যৱান কৰি ৰাখিবলৈ হাইড্ৰেটেড হৈ থকাটো অতি গুৰুত্বপূৰ্ণ।

নিজে কোনো ঔষধ ব্যৱহাৰ নকৰিব

যদি তীব্ৰ সূৰ্যৰ পোহৰৰ বাবে আপোনাৰ শৰীৰ বা চকুত কিছু পৰিৱৰ্তন হয়, তেনেহ'লে নিজে কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰিব। কিয়নো চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ। চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ নাখাব। আনহাতে, যদি আপোনাৰ অধিক সমস্যা হৈছে তেন্তে আপুনি আপোনাৰ চকুত ঠাণ্ডা পানী ছটিয়াব পাৰে। 

Also Read: যিমানেই সোৱাদযুক্ত, স্বাস্থ্যৰ বাবে সিমানেই হানিকাৰক আপোনাৰ-মোৰ সকলোৰে প্ৰিয় চাওমিন